আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ চতুৰ্থ বাৰ্ষিক সভাখন ২৫ ডিচেম্বৰত গুৱাহাটীস্থিত সুদৰ্শনালয়ত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত সঙ্ঘ চালক ডাঃ ভুপেশ চন্দ্ৰ শৰ্মাই ভাষণ প্ৰসংগত আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ ইতিহাস আৰু বৰ্তমান আধুনিক আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত বিশদভাৱে আলোকপাত কৰি সমগ্ৰ অসমতে প্ৰচাৰ- প্ৰসাৰৰ জৰিয়তে আয়ুৰ্বেদিক চিকিৎসাক জনপ্ৰিয় কৰি জনসাধাৰণৰ গ্ৰহণযোগ্যতা থকা চিকিৎসা বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰা বাবে আয়ুৰ্বেদিক সন্থাক প্ৰশংসা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পাতালৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যই ভাগ লৈ আয়ুৰ্বেদিক চিকিৎসাৰ বিশ্বজনীন জনপ্ৰিয়তাৰ ওপৰত আলোকপাত কৰে। ডাঃ কিশোৰ দাসে আঁত ধৰা সভাখনত আদৰণি ভাষণ দিয়ে ডাঃ বিষ্ণু চৌধুৰীয়ে। সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ডাঃ বিশ্বজিৎ দাসে। ডাঃ চক্ৰেশ্বৰ হালৈ, ডাঃ মুকুল শৰ্মা আৰু ডাঃ সুৰেশ স্বৰ্গীয়াৰীয়ে নিজৰ ভাষণত আয়ুৰ্বেদিকৰ উন্নতি সাধন কৰা বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। সন্থাৰ প্ৰচাৰ সম্পাদক ডাঃ অতুল চন্দ্ৰ ডেকা আৰু ডাঃ জিতু তালুকদাৰে জানিবলৈ দিয়া মতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তুক কাৰ্যকালৰ বাবে ডাঃ অৰবিন্দ দাসক সভাপতি , ডাঃ বিশ্বজিৎ দাস আৰু ডাঃ বিষ্ণু চৌধুৰীক উপ সভাপতি, ডাঃ চিৰঞ্জীৱ মহন্তক সাধাৰণ সম্পাদক , ডাঃ কিশোৰ দাস আৰু ডাঃ দিপ্তীৰেখা শৰ্মাক যুটীয়া সম্পাদক, ডাঃ বিবেক শৰ্মাক কোষাধ্যক্ষ হিচাপে লৈ সন্থাৰ ৩২ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। সভাৰ অন্ততঃ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ মাধ্যমেৰে আয়ুৰ্বেদিক চিকিৎসাৰ উন্নতি সাধনৰ বাবে কাম কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। Share this:FacebookX Related Post navigation ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয় গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ উন্মোচন কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ