বিশ্বকাপৰ তিনিবাৰৰ ৰানাৰ্ছ আপ নেদাৰলেণ্ডে সোমবাৰে লিথুৱেনিয়াৰ বিৰুদ্ধে ৪-০ গ’লত সহজ জয়লাভ কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰে। ডাচ দলটোৱে এই জয়েৰে গ্ৰুপ জিৰ শীৰ্ষস্থান দখল কৰে। গ্ৰুপত পোলেণ্ডে নেদাৰলেণ্ডতকৈ তিনি পইণ্ট আগবাঢ়ি দ্বিতীয় স্থান দখল কৰে। দলটোৰ হৈ টিজ্জানি ৰেইণ্ডাৰছ, ক’ডি গাকপো, জাভি ছিমনছ আৰু ডনেল মেলেনে গ’ল দিয়ে। লিথুৱেনিয়াই ডাচ ডিফেন্সত ভেদ কৰিব নোৱাৰিলে আৰু এটাও গ’ল দিব নোৱাৰিলে। অহা বছৰৰ বিশ্বকাপত দ্বাদশবাৰৰ বাবে ডাচ খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰিব, যিটো কানাডা, মেক্সিকো, আৰু আমেৰিকাত অনুষ্ঠিত হ’ব। ১৯৭৪, ১৯৭৮, আৰু ২০১০ চনৰ প্ৰতিযোগিতাত দলটোৱে ৰানাৰ্ছ আপ হৈছিল।ডাচ দলটোৱে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেল খেলিছিল আৰু হাফটাইমৰ পূৰ্বে টিজ্জানি ৰেইণ্ডাৰছে নেদাৰলেণ্ডক ১-০ গ’লত অগ্ৰগতি দিছিল। ইয়াৰ পিছতে দ্বিতীয়াৰ্ধত ক’ডি গাকপো, জেভি ছিমনছ আৰু ডনিয়েল মেলেনৰ পৰা তিনিটা দ্ৰুত গ’ল দিয়ে আয়োজক দলটোৱে। প্ৰতিযোগিতাখনত এখনো মেচত পৰাস্ত নোহোৱা নেদাৰলেণ্ডে ২০ পইণ্টেৰে অভিযান সমাপ্ত কৰে। মাল্টাৰ বিৰুদ্ধে ৩-২ গ’লত জয়লাভ কৰি পোলেণ্ডে ১৭ পইণ্ট লাভ কৰে। Share this:FacebookX Related Post navigation অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা কাইলৈ পৰা গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট