প্ৰিমিয়াম কফিৰ একচেটিয়া ৰেঞ্জ প্ৰদান কৰা নেছপ্ৰেছো কফিয়ে অপেক্ষাৰ অন্ত পেলাই ২০২৪ৰ শেষভাগত ভাৰতত সেৱা মুকলি কৰিব। ঘৰুৱা আৰু পেছাদাৰী গ্ৰাহকসকলক কফি আগবঢ়োৱাৰ বাবে নেছপ্ৰেছো কফি আৰু মেচিনসমূহ অৰিজিনেল আৰু পেছাদাৰী দুয়োটা প্ৰণালীতে উপলব্ধ হ’ব। ভাৰতত প্ৰথমখন নেছপ্ৰেছো বুটিক দিল্লীত মুকলি কৰিব, পৰৱৰ্তী পৰ্যায়ত দেশৰ প্ৰধান চহৰসমূহলৈ সম্প্ৰসাৰিত কৰিব। ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে নেছপ্ৰেছো কফি অনলাইনতো বিক্ৰী কৰা হ’ব। এই মুকলিৰ জৰিয়তে নেষ্টলে ইণ্ডিয়াৰ প্ৰিমিয়াম কফি প্ৰদানক শক্তিশালী কৰি তোলা হ’ব। নেছপ্ৰেছো হৈছে আগশাৰীৰ স্বীকৃতিপ্ৰাপ্ত বি কৰ্প™ কফি কোম্পানী যিয়ে প্ৰতিনিয়ত উদ্ভাৱনেৰে অনন্য সংমিশ্ৰণৰে নতুন নতুন ৰেচিপি(সোৱাদযুক্ত সামগ্ৰী) সৃষ্টি কৰি প্ৰিমিয়াম কফি অভিজ্ঞতা প্ৰদান কৰি আহিছে। সকলো নেছপ্ৰেছো কফি ছুইজাৰলেণ্ডত উৎপাদিত আৰু সমগ্ৰ বিশ্বৰ নেচলেৰ বজাৰলৈ ৰপ্তানি কৰা হয়। নেচলে নেছপ্ৰেছো এছ.এৰ চিইঅ’ গুইলাম লে কানফে এই বিষয়ে কয় যে, “ভাৰতৰ কফি প্ৰেমীসকলৰ মাজত নেছপ্ৰেছোক চিনাকী কৰি দিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ।” নেছপ্ৰেছো নামৰ চুইছ কফি কোম্পানীটোৱে নিজৰ এএএ বহনক্ষম মানদণ্ড™ পদক্ষেপৰ জৰিয়তে উচ্চ মানদণ্ডৰ বীন আহৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, এই প্ৰক্ৰিয়া ২০০৩ চনৰ পৰা কাৰ্যকৰী হৈ আছে। ৰেইনফৰেষ্ট এলায়েন্সৰ সৈতে সহযোগিতাত ৰূপায়ণ কৰা এই কাৰ্যসূচীত ১৮খন দেশৰ ১,৫০,০০০ৰো অধিক কফি খেতিয়কক অন্তৰ্ভুক্ত কৰা হৈছে। Share this:FacebookX Related Post navigation ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডী’ছ লেবৰেটৰীছ লিমিটেডে ভাৰতৰ গ্ৰাহকৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰেচিউটিকেল ব্ৰেণ্ড মুকলি কৰিবলৈ প্ৰতিষ্ঠা কৰিছে যৌথ উদ্যোগ