সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে শাখাসমূহত মুৰব্বী নিয়োগৰ বাবে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে বৃহৎ নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে। অসম, উত্তৰ বংগ, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে বেংকটোৱে ৩০তকৈ অধিক নতুন কৰ্মচাৰীক নিয়োজিত কৰাৰ পৰিকল্পনা কৰিছে।

এই পদক্ষেপে অঞ্চলটোত নিয়োগ আৰু দক্ষতা বিকাশক উদগণি জনোৱাৰ বাবে থকা এনইএছএফবিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে পূৰ্বে বেংকৰ অভিজ্ঞতা থকা প্ৰাৰ্থীৰ সন্ধান কৰিছে।

আৰ্থিক অন্তৰ্ভুক্তি বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি আৰু উত্তৰ-পূবৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগোৱাৰ এনইএছএফবিৰ বিশাল অভিযানৰ অংশ এই নিযুক্তি অভিযান। নিজৰ কৰ্মশক্তিৰ সম্প্ৰসাৰণ কৰি এনইএছএফবিয়ে বিত্তীয় খণ্ডত সফল কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বৃদ্ধিত যাতে সহায়ক হয়।ইচ্ছুক প্ৰাৰ্থীসকলক https://nesfb.com/apply ৱেবচাইটযোগে আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে। আবেদন প্ৰক্ৰিয়া পোনপটীয়া আৰু বেংকে সকলো আবেদনকাৰীক সমান সুযোগ প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু মহিলাসকলক বেংকৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আবেদনৰ বাবে বিশেষভাৱে উৎসাহিত কৰি আহিছে। সকলো পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ পিছত দ্বিতীয় ৰাউণ্ডৰ বাবে নিৰ্বাচিত হ’বলৈ স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হ’ব লাগিব। পৰৱৰ্তী পৰ্যায়ত প্ৰাৰ্থীসকলে চূড়ান্ত ৰাউণ্ডৰ সাক্ষাৎকাৰলৈ নিৰ্বাচিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *