নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে(এনইএছএফবি) ফিক্সড ডিপ’জিট(এফ ডি)ৰ হাৰ দেশৰ ভিতৰতে সৰ্বোচ্চ ৯.৭৫% প্ৰদান কৰি সংবাদ শিৰোনামা দখল কৰিছে। এই ৫০ বেছিছ পইণ্ট বৃদ্ধিৰে বেংকটোৱে নিজৰ গ্ৰাহকসকলক সবাতোকৈ মূল্যৱান ৰিটাৰ্ন প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে। পূৰ্বৰ ৯.২৫%ৰ তুলনাত ৯.৭৫%লৈ আকৰ্ষণীয় বৃদ্ধিয়ে বেংকৰ গ্ৰাহকসকলক, বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলক প্ৰতিযোগিতামূলক ৰিটাৰ্ণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকল অধিক হাৰত লাভৱান হ’ব। এনইএছএফবিৰ সংশোধিত এফ ডি ৰেটে সমগ্ৰ বেংকিং খণ্ডতে সৰ্বোচ্চ হাৰ অভিহিত হৈছে। এই ফিক্সড ডিপ’জিটৰ হাৰ বৃদ্ধিয়ে গ্ৰাহকসকল, বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলক ফিক্সড ডিপ’জিটৰ জৰিয়তে মুদ্ৰাস্ফীতিক পৰাস্ত কৰা ৰিটাৰ্নৰ প্ৰতিশ্ৰুতি দিছে। যিয়ে জ্যেষ্ঠ নাগৰিকসকলক নিজৰ অৱসৰৰ সময়বোৰত সহায় কৰিব পাৰে। এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সতীশ কুমাৰ কালৰাই দ্বৈত সুবিধাৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে। তেওঁ কয় যে, “আমাৰ গ্ৰাহকসকলক বিভিন্ন ধৰণৰ আকৰ্ষণীয় বিনিয়োগৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যেৰে বৰ্ধিত সুতৰ হাৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ আঁৰত দ্বৈত উদ্দেশ্য আছে: ই আমাৰ গ্ৰাহকসকলক ৰিটাৰ্ন বৃদ্ধি কৰি গ্ৰাহকসকলৰ সম্পদ বিকাশত সহায় কৰে, কিন্তু ই বেংকৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু সামগ্ৰিক জমা খৰচক অনুকূল কৰি তোলে। সুতৰ হাৰ সলনি কৰি বেংকে নিশ্চিত কৰে যে সম্পদ ব্যৱস্থাপনাত দক্ষ হৈ থকাৰ লগতে গ্ৰাহকসকলক প্ৰতিযোগিতামূলক ৰিটাৰ্ন আগবঢ়াব পাৰে।” Share this:FacebookX Related Post navigation Škoda অটো ইণ্ডিয়াই ইয়াৰ কুশক আৰু শ্লাভিয়া মডেলৰ বাবে এটা নতুন মূল্য প্ৰস্তাৱ প্ৰৱৰ্তন কৰিছে গ্লবেল মন্থ অৱ ভলণ্টিয়াৰিঙত পূৰ্বৰ অভিলেখ ভংগ কৰিলে আমাজন ইণ্ডিয়াই