দুমাহৰ পাছত পুনৰ ক্ষোভত হৈ পৰিছে নেপালৰ যুৱ প্ৰজন্ম।নেপালত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে Gen-Zৰ প্ৰতিবাদে। Gen-Zৰ তীব্ৰ প্ৰতিবাদৰ ফলত দেশখনৰ শাসন ব্যৱস্থা সলনি হোৱাৰ দুমাহৰ পাছত পুনৰ ক্ষোভিত হৈ পৰিছে দেশখনৰ যুৱ প্ৰজন্ম। বুধবাৰে দেশখনৰ বাৰা জিলাত Gen-Z আৰু CPN-UML দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। এই উত্তেজনাৰ পিছতে আজি পুনৰ ৰাজপথলৈ ওলাই আহিল Gen-Z যুৱক-যুৱতী। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনে দুপৰীয়া ১২:৪৫ বজাৰ পৰা নিশা ৮ বজালৈ সান্ধ্য আইন জাৰি কৰিছে। ইতিপূৰ্বে Gen-Zৰ প্ৰতিবাদৰ ফলস্বৰূপে ক্ষমতা হেৰুৱাইছিল দলটোৱে। আজি দিনৰ ভাগত বহু Gen-Z যুৱকৰ সমাগমৰ পিছতে আৰক্ষীয়ে বল প্ৰয়োগ কৰি তেওঁলোকক ছত্ৰভংগ দিলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আনকি কন্দুৱা গেছো নিক্ষেপ কৰে আৰক্ষীয়ে।শেহতীয়া খবৰ অনুসৰি এই প্ৰতিবাদত আহতৰ সংখ্যাও বৃদ্ধি পাইছে। এই বিশৃংখলতাত আতংকিত হৈ নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলক ক্ষান্ত হোৱাৰ আহ্বান জনাই । ইয়াৰ লগতে আৰক্ষীয়ে বল প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। এই অভিযোগৰ পিছতে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইফালে বুধবাৰৰ সংঘৰ্ষত ৬জন Gen-Z যুৱক আহত হয়। এই ঘটনাৰ পিছতে Gen-Z সকলে ছয়জন CPN-UML কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। Share this:FacebookX Related Post navigation মিউচুৱেল ফাণ্ডৰ বিষয়ে বিনিয়োগকাৰীক জ্ঞান দিবলৈ অসমত ‘নিবেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে কেনাৰা ৰ’বেকোৱে দিল্লীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে