ভাৰতৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই হিমানী ম’ৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে। ২৭ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মই মোৰ পৰিয়ালৰ সৈতে মোৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছোঁ। হিমানীয়ে বৰ্তমান আমেৰিকাত অধ্যয়ন কৰি আছে। তেওঁ নিউ হেম্পশায়াৰৰ ফ্ৰেংকলিন পিয়েৰ্ছ বিশ্ববিদ্যালয়ত ক্ৰীড়া ব্যৱস্থাপনা অধ্যয়ন কৰি আছে। তেওঁ দিল্লীৰ মিৰাণ্ডা হাউচৰ এগৰাকী প্ৰাক্তন ছাত্ৰী, য’ত তেওঁ ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। অল ইণ্ডিয়া টেনিছ ফেডাৰেচন (এআইটিএ) ৱেবছাইট অনুসৰি, ২০১৮ চনত হিমানীৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ৰেংকিং আছিল এককত ৪২ আৰু ডাবলছত ২৭। তেওঁ কেৱল ২০১৮ চনত এআইটিএ ইভেণ্টত খেলিবলৈ আৰম্ভ কৰিছিল। টকিঅ’ অলিম্পিকত স্বৰ্ণ আৰু পেৰিছ গেমছত ৰূপৰ পদক অৰ্জন কৰা নীৰজে আগতে দক্ষিণ আফ্ৰিকাত প্ৰশিক্ষণ লৈ আছিল। Share this:FacebookX Related Post navigation ২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি ৰাণী বন বিষয়া কাৰ্যালয়ৰ অভিযানত জব্দ বহু মূল্যবান চোৰাং কাঠ