অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব এনডিএ চৰকাৰ। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখৰ বিশাল জনসভাত তেওঁ বিৰোধীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, জনতাৰ এই বিপুল সহাঁৰিয়ে নিৰ্বাচনৰ ফলাফল ইতিমধ্যেই স্পষ্ট কৰি দিছে। সমবেত বিশাল জনতাক সম্বোধন কৰি মোদীয়ে কয়, “মোৰ সন্মুখত থকা এই জনসমুদ্ৰ আৰু আই-মাতৃসকলৰ আশীৰ্বাদে এক মুকলি ঘোষণা কৰিছে। এইবাৰ অসমত এনডিএৰ হেট্ৰিক নিশ্চিত।” নিজৰ ৰাজনৈতিক যাত্ৰাৰ কথা সোঁৱৰাই তেওঁ কয় যে দেশবাসীয়ে তেওঁক কেন্দ্ৰত তৃতীয়টো কাৰ্যকালৰ বাবে সেৱা কৰাৰ সুযোগ দিছে। একেদৰে অসমৰ ৰাইজেও ডাবল ইঞ্জিনৰ চৰকাৰখনক পুনৰ নিৰ্বাচিত কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ কাম-কাজৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত এটা দশকত অসমে সুশাসনৰ এক নতুন যুগ প্ৰত্যক্ষ কৰিছে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ শিখৰত উপনীত হোৱা বুলি তেওঁ দাবী কৰে। তেওঁ লগতে কয়, “এই নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে নহয়, বৰঞ্চ এখন উন্নত ভাৰতৰ বাবে উন্নত অসম গঢ়াৰ নিৰ্বাচন।” ভাষণত তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে বিৰোধী দলটোৱে পুনৰ এক শোচনীয় পৰাজয়ৰ দিশে গতি কৰিছে। কংগ্ৰেছৰ নেতৃত্বই ধাৰাবাহিকভাৱে নিৰ্বাচনী বিফলতাৰ সন্মুখীন হৈছে বুলিও তেওঁ তীক্ষ্ণ কটাক্ষ কৰে। গোগামুখৰ এই সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী যুঁজত দলীয় কৰ্মীসকলক দুগুণ উৎসাহেৰে জপিয়াই পৰিবলৈ আহ্বান জনায়। Share this:FacebookX Related Post navigation নিৰ্বাচনৰ প্ৰাকক্ষণত মানকাচৰৰ ৰাজনীতিত নতুন মোৰ: কংগ্ৰেছত যোগদান বিধায়ক আমিনুল ইছলামৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ; নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰাজ্যত বৃদ্ধি পালে টোল টেক্সৰ হাৰ