গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ভাৰতৰ ৰাসায়নিক উদ্যোগত উদ্ভাৱন, বহনক্ষমতা আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামৰ্থ্যৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰি ৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান দিৱস সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰে। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ (কেমিকেলছ) আৰু এষ্টেক লাইফ ছায়েন্সেছে যুটীয়াভাৱে আয়োজন কৰা এই সন্মিলনত উদ্যোগ, একাডেমী আৰু গৱেষণাৰ আগশাৰীৰ কণ্ঠসমূহক আহ্বান কৰি ভাৰতীয় ৰসায়ন বিজ্ঞানৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা হয়। এই বছৰৰ বিষয়বস্তু, “ভাৰতৰ ৰাসায়নিক উদ্যোগত উদ্ভাৱন আৰু বিকাশৰ সূচনা”, গৱেষণা আৰু উন্নয়ন, ডিজিটেলাইজেচন আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ জৰিয়তে বিশ্বব্যাপী ৰাসায়নিক মূল্য শৃংখলাত ভাৰতৰ ভূমিকা উন্নীত কৰাৰ ওপৰত মনোনিৱেশ কৰিছিল। গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু এষ্টেক লাইফ চায়েন্সেছ লিমিটেডৰ পৰিচালন সঞ্চালক বুৰ্জিছ গড্ৰেজ আৰু গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ নাদিৰ গড্ৰেজে এক বহনক্ষম ভৱিষ্যত গঢ়াত ৰসায়ন বিজ্ঞানৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে, আনহাতে গড্ৰেজ ইণ্ডাষ্ট্ৰীজ (কেমিকেলছ)ৰ কাৰ্যবাহী সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিশাল শৰ্মাই স্থিতিস্থাপকতা গঢ়ি তোলা, উদ্যোগ-শৈক্ষিক সহযোগিতা আৰু ভাৰতক এক বেকএণ্ড উৎপাদকৰ পৰা বৈশ্বিক উদ্ভাৱনৰ নেতৃত্বলৈ ৰূপান্তৰিত কৰাৰ ওপৰত আকৰ্ষণীয় আলোচনাৰ নেতৃত্ব দিয়ে। এই সন্মিলনখনে ভাৰতৰ গৱেষণা আৰু উন্নয়নৰ নেতৃত্বৰ ওপৰত তথ্য-চালিত অন্তৰ্দৃষ্টি প্ৰদান কৰি চিটিআইইআৰ উদ্ভাৱন প্ৰতিবেদনৰ শুভাৰম্ভণি ঘটালে। আইআইটি বোম্বাই, ইণ্ডিয়ান অইল কৰ্পোৰেচন, বেয়াৰ ক্ৰপচায়েন্স, বিচিজি, ইৱাই, ছিয়েনস্কো ইণ্ডিয়া আদিৰ চিন্তাবিদসকলে অনুষ্ঠানত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে। সন্মিলনখন সমাপ্ত হোৱাৰ লগে লগে এক একত্ৰিত বাৰ্তা সমস্বৰে প্ৰকাশ হৈছিল-বিশ্ব নেতৃত্বৰ কাষ চাপিছে ভাৰতৰ ৰাসায়নিক উদ্যোগ আৰু সহযোগিতামূলক উদ্ভাৱন ইয়াৰ ৰূপান্তৰৰ আঁৰৰ চালিকা শক্তি হ’ব। Share this:FacebookX Related Post navigation গুৱাহাটীত গোড্ৰেজৰ শেহতীয়া স্মাৰ্ট নিৰাপত্তাৰ উদ্ভাৱনেৰে নিজৰ স্থান সুৰক্ষিত কৰক চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী