সামাজিক মাধ্যমৰ জনপ্ৰিয় প্লেটফৰ্ম ইনষ্টাগ্ৰামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অৰ্জন কৰিছে এক ঐতিহাসিক মাইলষ্টোন। বিশ্বৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা হিচাপে তেওঁ ইনষ্টাগ্ৰামত ১০ কোটি অৰ্থাৎ ১০০ মিলিয়ন ফল’ৱাৰ্ছৰ সীমা অতিক্ৰম কৰিছে। ২০১৪ চনত এই প্লেটফৰ্মত যোগদান কৰা মোদীৰ জনপ্ৰিয়তাই এতিয়া বিশ্বৰ আন সকলো শক্তিশালী ৰাষ্ট্ৰপ্ৰধানক চেৰ পেলাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিয়মীয়াকৈ চৰকাৰী বৈঠক, বিদেশ ভ্ৰমণ আৰু দেশৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আলোকচিত্ৰ তথা ভিডিঅ’ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰে। ইয়াৰ উপৰিও ব্যক্তিগত অনুভৱ আৰু বিশেষ মুহূৰ্তসমূহ পোষ্ট কৰি তেওঁ বিভিন্ন বয়সৰ লোকৰ সৈতে গঢ়ি তুলিছে এক প্ৰত্যক্ষ সংযোগ। এই ডিজিটেল সক্ৰিয়তাই তেওঁক বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছে।

ফল’ৱাৰ্ছৰ সংখ্যাৰ দিশৰ পৰা মোদীৰ পাছতে ৪৩.২ মিলিয়ন ফল’ৱাৰ্ছৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এই পৰিসংখ্যাই স্পষ্ট কৰে যে মোদী আৰু ট্ৰাম্পৰ মাজত থকা ব্যৱধান কিমান বিশাল। এই সন্দৰ্ভত এগৰাকী ছ’চিয়েল মিডিয়া বিশেষজ্ঞই কয়, “পিছৰ ৫ জন মুখ্য বিশ্ব নেতাৰ মুঠ ফল’ৱাৰ্ছৰ সংখ্যাও নৰেন্দ্ৰ মোদীৰ একক ফল’ৱাৰ্ছৰ সংখ্যাতকৈ কম।”

তেওঁ লগতে কয়, “প্ৰায় ১৫ মিলিয়ন ফল’ৱাৰ্ছৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আৰু ১৪.৪ মিলিয়নেৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি এই তালিকাত যথেষ্ট পিছপৰি আছে।”

কেৱল বিশ্ব দৰবাৰতে নহয়, দেশৰ ভিতৰতো মোদীৰ ডিজিটেল প্ৰভাৱ অপ্ৰতিৰোধ্য। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰায় ১৬.১ মিলিয়ন আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰায় ১২.৬ মিলিয়ন ফল’ৱাৰ্ছৰ তুলনাত মোদী বহুগুণে আগবঢ়ি আছে। বিশেষজ্ঞসকলৰ মতে, এই মাইলষ্টোনে প্ৰমাণ কৰে যে পৰম্পৰাগত মাধ্যমৰ পৰিৱৰ্তে সামাজিক মাধ্যমে এতিয়া ৰাজনৈতিক যোগাযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *