প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ধোলেৰাত অত্যাধুনিক ছেমিকণ্ডাক্টৰ ফেব আৰু জাগীৰোডত ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু পৰীক্ষণ (অ’এছএটি) কেন্দ্ৰকে ধৰি দুটা প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে। ধোলেৰাত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত ৰে’লৱে, যোগাযোগ আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ, টাটা চন্সৰ প্ৰেচিডেণ্ট অংকুৰ বাৰ্মা আৰু টাটা ইলেক্ট্ৰনিক্সৰ চিইঅ’ আৰু পৰিচালন সঞ্চালক ড০ ৰনধীৰ ঠাকুৰে উপস্থিত থাকে। আনহাতে জাগীৰোডৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ইলেক্ট্ৰনিকছ আৰু তথ্যপ্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। ভাৰতৰ থলুৱা ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে টাটা ইলেক্ট্ৰনিকছে নতুন প্ৰকল্প দুটাৰ বাবে ১,১৮,০০০ কোটি টকা বিনিয়োগ কৰিছে। এই প্ৰকল্প দুটাত উন্নত ছেমিকণ্ডাক্টৰ প্ৰযুক্তি, দক্ষ প্ৰতিভাধৰক সুযোগ আৰু যোগানকাৰী আৰু পৰিৱেশ তন্ত্ৰৰ অংশীদাৰৰ নেটৱৰ্ক প্ৰদান কৰিব। থলুৱা ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে হাতত লোৱা এই মেগা প্ৰকল্প দুটাই ১,০০,০০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি টাটা চন্স প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে কয় যে, “এই ঐতিহাসিক ক্ষণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ উদ্যোগক আমাৰ দেশলৈ অনাৰ চিৰস্থায়ী দৃষ্টিভংগীৰ বাবে কৃতজ্ঞতা জনাইছো।” Share this:FacebookX Related Post navigation “কা”ৰ স্থগিতাদেশ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ ড° ৰীতা চৌধুৰী বাংলাদেশৰ মুক্তি যুদ্ধৰ উপৰত লিখা উপন্যাস “Zero Hour “-ব আলাপ আলোচনা চক্র অনুষ্ঠিত