প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কাল ভৈৰৱীৰ পূজা অৰ্চনা কৰে। গংগা সপ্তমী উপলক্ষে বাৰাণসীৰ দশশ্বমেধ ঘাটত গঙ্গা দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এখন ক্ৰুজৰে নমো ঘাটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল। এইবাৰ আকৌ, তেওঁ বিজেপিৰ টিকটত বেনাৰসৰ পৰা নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে। মনোনয়ন দাখিলৰ সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী উপস্থিত আছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপৰিও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেও প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ সময়ত উপস্থিত আছিল। Share this:FacebookX Related Post navigation ওড়িশাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুগল বিজ্ঞাপনত কংগ্ৰেছৰ ৬২.১ কোটি টকা ব্যয়