নগাঁৱত ভয়ংকৰ ঘটনা । বাইকৰ হৰ্ণ বজোৱাৰ বাবেই যুৱকৰ ওপৰত ভয়ংকৰ আক্ৰমণ । নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া
ঘৰৰ পৰা সন্ধিয়া ওলাই গৈছিল জন্মিদনৰ বজাৰ কৰিবলৈ । কিন্তু বজাৰত গৈ উদণ্ড যুৱকৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ’ল এগৰাকী যুৱক । নগাঁও চহৰৰ মাজমজিয়াত এগৰাকী যুৱকক কেমেৰাৰ সন্মুখতে ভয়ংকৰ আক্ৰমণ কৰা চাঞ্চল্যকৰ ঘটনাই নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।বাইকৰ হৰ্ণ বজোৱাই যেন অপৰাধ হ’ল তনদ্বীপ কাকতিৰ । বাইকৰ হৰ্ণ বজোৱাৰ বাবেই হাতত থকা হেলমেটেৰেই গুৰুলাগুৰুলকৈ তেওঁক প্ৰহাৰ কৰে আনিছুৰ ৰহমানে । সকলো সীমা অতিক্ৰম কৰি ভয়ংকৰ আক্ৰমণ চলায় তনদ্বীপ কাকতিৰ ওপৰত ।এই ঘটনা সংঘটিত হোৱাৰ পাছতেই নিশাতেই নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় উদণ্ড আনিছুৰ ৰহমানক । সন্ধিয়া আনিছুৰ ৰহমানে তনদ্বীপ কাকতিক হত্যাৰ পৰিকল্পনাৰে আক্ৰমণ কৰাৰ উপৰি অশ্লীল গালি-গালাজ কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী তনদ্বীপ কাকতিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *