প্ৰশাসনিক ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু আমোলাতান্ত্ৰিক আঁসোৱাহসমূহ নোহোৱা কৰি দ্ৰুতগতিত কাৰ্য সমাপন আৰু দ্ৰুতগতিত সেৱা প্ৰদানৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ উদ্যোগত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা হৈছে স্পেচিয়েল কেম্পেইন ৪.০ৰ। ভাৰত চৰকাৰে আৰম্ভ কৰা এই পদক্ষেপে প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগ(ডিএআৰপিজি)ৰ তত্বাৱধানত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সমান্তৰালকৈ ফিল্ড আৰু আউটষ্টেচন দুয়োধৰণৰ কাৰ্যালয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই অভিযানত পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰতিষ্ঠানিকৰণ, এই অভিযানৰ স্থানসমূহ চূড়ান্ত কৰা আৰু অভিলেখ ব্যৱস্থাপনা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এমএছডিইয়ে পূৰ্বৰ অভিযানসমূহত সক্ৰিয় ৰূপত বিভিন্ন পদক্ষেপ হাতত লৈছিল, ইতিমধ্যে ২,৩০৫টা ৰাজহুৱা অভিযোগ সমাধান কৰিছে আৰু প্ৰায় ২০০০টা স্বচ্ছতা অভিযান ৰূপায়ণ কৰিছে। এইবাৰৰ অভিযান দুটা পৰ্যায়ত আৰম্ভ হ’ব: ২০২৪ চনৰ ১৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰাৰম্ভিক পৰ্যায় আৰু ২ অক্টোবৰৰ পৰা কাৰ্যকৰী পৰ্যায়ত ৰূপায়ণ কৰা হ’ব।

দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীতো প্ৰশাসনিক প্ৰক্ৰিয়া-লেৱা বৃদ্ধিৰ ওপৰত প্ৰচাৰৰ গুৰুত্বই স্থানীয় চৰকাৰৰ কাৰ্যকলাপ সুশৃংখল কৰিব আৰু ৰাজহুৱা সেৱা উন্নত কৰিব বুলি আশা কৰা হৈছে, যিয়ে আঞ্চলিক বজাৰৰ কাৰ্যকৰী দক্ষতাত ইতিবাচক প্ৰভাৱ প্ৰতিফলিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *