পুত্ৰহাৰা পিতৃৰ এক মৰ্মান্তিক হুমুনিয়াহে সমগ্ৰ দেশৰ ব্যৱসায়িক জগতৰ লগতে সাধাৰণ ৰাইজকো স্তব্ধ কৰি তুলিছে। বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালৰ পুত্ৰ অগ্নিবেশ আগৰওয়ালৰ নিউয়ৰ্কত হৃদৰোগত আক্ৰান্ত হৈ ৪৯ বছৰত আকস্মিক পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল, যিজন হিন্দুস্তান জিংকৰ অধ্যক্ষ আৰু ফুজাইৰা গ’ল্ডৰ সৈতে সংযুক্ত আছিল। এক স্কীয়িং দুৰ্ঘটনাৰ পাছত আৰোগ্য লাভৰ প্রচেষ্টা চলাইছিল, কিন্তু হঠাতে হোৱা শাৰীৰিক অৱনতিয়ে সকলোকে হতচকি দিছিল। অনিল আগৰৱালে এই ঘটনাক তেওঁৰ জীৱনৰ আটাইতকৈ ‘অন্ধকাৰ দিন’ বুলি অভিহিত কৰিছে। তেওঁ আৰু তেওঁৰ পৰিয়াল দুৰ্ঘটনাৰ পিছত অগ্নিবেশৰ বিপদৰ পৰা মুক্ত হব বিচাৰিছিল, তথাপি নিয়তিৰ বিধান সুকীয়া আছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অগ্নিবেশৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এই বেয়া ঘটনাক অত্যন্ত বেদনাদায়ক বুলি উল্লেখ কৰে। অণিল আগৰৱালে তেওঁৰ পুত্ৰৰ সপোন সাৰ্থক কৰিবলৈ সমাজৰ উন্নয়নৰ বাবে দান কৰিবলৈ উপাৰ্জনৰ ৭৫ শতাংশতকৈ অধিক অংশ আগবঢ়াবলৰ সংকল্প পুনৰ ঘোষণা কৰে। তেওঁ বৰ্ণনা কৰে যে অগ্নিবেশৰ দৰে এজন দক্ষ নেতা, বন্ধু আৰু গৌৰৱৰ স্থল আছিল। Share this:FacebookX Related Post navigation বিশ্ব ৰাজনীতিত নতুন উত্তেজনা: ৰাছিয়াৰ তেল কিনিলে ৫০০ শতাংশ শুল্কৰ হুংকাৰ দিলে ট্ৰাম্পে বাংলাদেশে ভাৰতীয় পৰ্যটকৰ বাবে ভিছা প্ৰদান স্থগিত, নতুন সিদ্ধান্তে সৃষ্টি কৰিছে বিতৰ্ক