নিৰ্বাচনী যুঁজ অন্ত পৰাৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানি, মিছা মন্তব্য আৰু ছ’চিয়েল মিডিয়াত নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত এখন আনুষ্ঠানিক অভিযোগ দাখিল কৰে। পাণবজাৰৰ বাসিন্দা চৌধুৰীয়ে জনোৱা মতে, ৰাজনীতিত তেওঁৰ কোনো পোনপটীয়া সম্পৰ্ক নাই যদিও কেৱল কন্যাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবেই তেওঁক ৰাজহুৱা বিতৰ্কলৈ টানি নিয়া হৈছে। অভিযোগ অনুসৰি এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত সুজাতা গুৰুং চৌধুৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজে ‘সনাতনী লোক’ৰ আৱেগত আঘাত দিয়াৰ লগতে তেওঁৰ পাকিস্তানৰ প্ৰতি সহানুভূতি থকা আৰু গো-মাংস ভক্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই সকলোবোৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি সুজাতা গুৰুঙে কয় যে কেৱল কন্যাক ৰাজনৈতিকভাৱে টাৰ্গেট কৰিবলৈহে তেওঁৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ চলোৱা হৈছে। ৰাজহুৱা কৰা এখন বিশেষ আলোকচিত্ৰৰ সন্দৰ্ভতো সুজাতা গুৰুঙে অভিযোগ পত্ৰখনত স্পষ্টীকৰণ দিয়ে। আমেৰিকাৰ ডেনভাৰস্থিত ‘ইণ্টাৰনেশ্যনেল চাৰ্চ অৱ কেনাবিছ’ত তোলা সেই ফটোখনত থকা বস্তুটো কোনো খাদ্য নহয়, বৰঞ্চ এটা শিল্পকৰ্মহে আছিল। এলিভেচন মিনিষ্ট্ৰিজৰ পৰা লাভ কৰা এখন সমৰ্থনসূচক পত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে ফটোত দেখা শংকু আকৃতিৰ বস্তুটো দৰাচলতে দৰ্শনাৰ্থীৰ বাবে ৰখা এটা গাৰুহে আছিল, কোনো মাংস নহয়। এই ফটোখনক বিকৃত ৰূপত উপস্থাপন কৰি তেওঁৰ চৰিত্ৰ হননৰ চেষ্টা কৰা বুলিও তেওঁ অভিযোগ কৰে। এই বিতৰ্কৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াত তেওঁৰ লগতে নাবালক পুত্ৰৰ আলোকচিত্ৰ অবিৰতভাৱে বিয়পাই অনলাইন নিৰ্যাতন চলোৱা হৈছে বুলিও চৌধুৰীয়ে জানিবলৈ দিয়ে। আনকি এআই ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিকৃত সমলৰ জৰিয়তে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ দ্বাৰা তেওঁৰ পৰিয়াল আৰু নাবালক সন্তানটিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা বুলি উল্লেখ কৰি তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়। ইতিমধ্যে এই অভিযোগৰ কপি অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষলৈও প্ৰেৰণ কৰা হৈছে। Share this:FacebookX Related Post navigation তিনিচুকীয়াত আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাৰ ভাতৃৰ বাসগৃহত গুলীবৰ্ষণ; দুষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষীৰ তীব্ৰ অভিযান মহিলা সংৰক্ষণৰ বাবে সংসদত ইতিহাস সৃষ্টিৰ প্ৰস্তুতি; বিশেষ অধিৱেশনৰ পূৰ্বে বিৰোধীৰ সহযোগিতা বিচাৰি মোদীৰ পত্ৰ