oplus_2098176

বিগত তিনিটা দশক জুৰি অসমীয়া সংগীতৰ একক, অনন্য, অতুলনীয় আৰু এক অম্লান সত্ত্বা হিচাপে প্রতিগৰাকী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা জুবিন গার্গৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত সমগ্র ৰাজ্যবাসী ম্রিয়মাণ হৈ থকাৰ সময়তে অসমৰ কণ্ঠশিল্পীসকলে একত্ৰৰূপত প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰিছে এক বিশাল আৰু ব্যতিক্রমী অনুষ্ঠান ‘জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আয়োজকসকলে জনায় যে অহা ১৯ নৱেম্বৰ, সন্ধিয়া ৫ বজাৰ পৰা চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত হার্টথ্র’ব জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্রতিটো ধৰণৰ প্রায় দুকুৰি গীত কণ্ঠশিল্পীসকলে পৰিৱেশন কৰিব।

কণ্ঠশিল্পীসকলৰ সামূহিক প্রচেষ্টাত আয়োজিত এই ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্রস্তুতি আৰু অনুশীলন কণ্ঠশিল্পীসকলে ইতিমধ্যে প্রায় সম্পূর্ণ কৰি তুলিছে। উল্লেখ্য যে, ‘জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’ শীর্ষক অনুষ্ঠানটিৰ আহ্বায়কৰ দায়িত্বত আছে অনুপম শইকীয়া, তৰালি শৰ্মা, ৰূপম ভূঞা, নিৰ্মালি দাস, বৰ্ণালী কলিতা আৰু সুবাসনা দত্ত। তদুপৰি এই প্রচেষ্টাত অসমৰ ভিন্ন প্রান্তৰ চাৰি শতাধিক কণ্ঠশিল্পী একত্ৰ হৈ সহযোগিতা আগবঢ়াইছে। আহ্বায়কবৃন্দই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্রত অসমৰ সকলো কণ্ঠশিল্পীৰ সহযোগিতা আহ্বান কৰাৰ লগতে ৰাইজৰ উপস্থিতি বিনম্রতাৰে আশা কৰিছে। অনুষ্ঠানটি উপভোগ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ প্রৱেশ পত্ৰৰ প্রয়োজন নাথাকে বুলিও আজিৰ সংবাদমেলত সদৰি কৰে আয়োজকসকলে। উল্লেখ্য, আজিৰ সংবাদমেলত জনপ্ৰিয় শিল্পী অনুপম শইকীয়া, বৰ্ণালী কলিতা, ৰূপম ভূঞা, কল্লোল বৰঠাকুৰ, সুবাসনা দত্ত, গীতালি দেৱী, ৰাকেশ ৰিয়ান, দীপলীনা ডেকা প্ৰমুখ্য বহুকেইগৰাকী শিল্পী উপস্থিত থাকে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *