বাংলাভাষী মুছলমান সন্দৰ্ভত মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীয়ে কেৱল বাংলাভাষী মুছলমানকহে ভালপায়। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে অসমীয়া আৰু হিন্দু বঙালীসকলে “তেওঁক ৰেহায় নিদিয়ে”।শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছিল যে ৰাজনৈতিক লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে ভাষিক পৰিচয়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।“যদি তেওঁ মুছলমান বঙালীৰ বাবে অসমলৈ আহে, তেন্তে অসমীয়া মানুহ আৰু হিন্দু বঙালীসকলে তেওঁক ৰেহাই নিদিয়ে।” ডঃ শৰ্মাই সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *