অসমৰ বাৰে-ৰহণীয়া সংস্কৃতিৰ ভিতৰত আঘোণ মাহত পালন কৰা মহোহো অৰ্থাৎ মহখেদা উৎসৱে বিশেষ স্থান দখল কৰি আহিছে। বিশেষকৈ নামনিৰ দিশৰ অসমৰ ঠাইভেদে আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা মহোহো বা মহখেদা উৎসৱ এক হেঁপাহৰ উৎসৱ৷ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহো-হো গীত বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহো-হো গীতৰ ৰূপ এনেধৰণৰ- মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো। মহ খেদ্বা টোকান লৌ॥ মহে বোলে মৰ্লু দে। টেপৰ পুৰা খালো দে॥ ইত্যাদি। Share this:FacebookX Related Post navigation ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল