স্বতন্ত্ৰতা সংগ্ৰামী বিনায়ক দামোদৰ সাভৰকাৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবীক কেন্দ্ৰ কৰি আজি দেশৰ ৰাজনৈতিক মহলত পুনৰ এক তীব্ৰ চৰ্চাৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সাভৰকাৰক এই সন্মানেৰে বিভূষিত কৰিলে পুৰস্কাৰটোৰহে মৰ্যাদা বৃদ্ধি পাব বুলি কৰা মন্তব্যক বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌটে মুকলি সমৰ্থন জনায়। কংগনাৰ মতে, ভাগৱতৰ এই মন্তব্য কেৱল ব্যক্তিগত অভিমত নহয়, বৰঞ্চ ই দেশৰ কোটি কোটি জনতাৰ মনৰ ইচ্ছাৰ প্ৰতিফলন। আৰ এছ এছৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মোহন ভাগৱতে কয় যে সাভৰকাৰ ইতিমধ্যে দেশৰ জনসাধাৰণৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিছে। তেওঁ উল্লেখ কৰে, “সাভৰকাৰৰ ব্যক্তিত্ব ইমানেই বিশাল যে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰিলে এই বঁটাৰ স্তৰহে অধিক উন্নত হ’ব।” ইয়াৰ পৰিপ্ৰেক্ষিতত কংগনা ৰনৌটে কয় যে সাভৰকাৰৰ দৰে মহান বিপ্লৱীৰ অৱদানক কোনো সন্মানেৰে জোখা সম্ভৱ নহয় আৰু ভৱিষ্যতে তেওঁক এই স্বীকৃতি দিলে ই প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় হ’ব। উল্লেখ্য যে ১৮৮৩ চনত জন্মগ্ৰহণ কৰা সাভৰকাৰ আছিল একাধাৰে এগৰাকী স্বাধীনতা সংগ্ৰামী, লেখক আৰু সমাজ সংস্কাৰক। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে তেওঁ আন্দামানৰ চেলুলাৰ জেলত অমানুষিক যাতনা সহিবলগীয়া হৈছিল। যদিও তেওঁক ভাৰত ৰত্ন দিয়াৰ বিষয়টোক লৈ ৰাজনৈতিক আৰু বৈচাৰিক মতভেদ চলি আহিছে, কংগনা ৰানাৱটে স্পষ্টকৈ কয় যে সাভৰকাৰৰ গৌৰৱ কোনো পুৰস্কাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। বৰঞ্চ ইতিহাসত তেওঁৰ স্থান সদায় অটল হৈ থাকিব। Share this:FacebookX Related Post navigation শ্ৰীৰামপুৰত পুলিচৰ লাঠিচালনাত আহত ৫ অধিবক্তা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ দক্ষিণ কোৰিয়াত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ২ গৰাকী জুনিয়ৰ ৱাৰেণ্ট অফিচাৰৰ মৃত্যু