পশ্চিম বঙ্গৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেক্ষাপটত হিন্দু সমাজৰ একত্ৰীকৰণৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য ৰাখিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। কলকাতাত আৰ এছ এছৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ উল্লেখ কৰে যে হিন্দু সমাজ একত্রীভূত হ’লে পশ্চিম বংগৰ পৰিস্থিতি সলনি হ’ব পাৰে। যদিও তেওঁ কৈছে যে সংঘৰ মুখ্য লক্ষ্য ৰাজনৈতিক পৰিৱৰ্তন নহয়, বরঞ্চ সামাজিক পৰিৱৰ্তন। বিজেপিৰ দৃষ্টিভংগীৰে আৰ এছ এছৰ মূল্যাংকন কৰিবলৈ চেষ্টা কৰাটো এক ডাঙৰ ভুল হিচাপে উল্লেখ কৰিছে।

অনুষ্ঠানত, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ আৰু ৰাজ্যত কট্টৰবাদৰ বৃদ্ধি সম্পৰ্কে কথা বঢ়াইছে। তাৰ উত্তৰত, ভাগৱতে কৈছে যে, ভারতলৈ অনুপ্ৰৱেশকাৰীসকলৰ বিষয়ে চৰকাৰে সিদ্ধান্ত ল’ব লাগিব আৰু এনেতেই চৰকাৰৰ ভিতৰত দৃঢ় নিয়ন্ত্ৰণ থকাটো প্ৰয়োজন। ভাৰতত হিন্দুসকলৰ সুৰক্ষাৰ বাবে একতা বজাই ৰখাটো অত্যন্ত গুরুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰিছে আৰু বিশ্বৰ হিন্দু সমাজে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে সহায় কৰাৰ আহ্বান জনাইছে।

বাঁগৰ বিধানসভা নিৰ্বাচনৰ আগত ভাগৱতৰ বক্তব্যই ৰাজনৈতিক মহলত এক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *