ভাৰতীয় ক্ৰিকেট দল বনাম ইংলেণ্ড ক্ৰিকেট দলৰ মাজত ৫খন খেলৰ এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ২০২৫ টেষ্ট ছিৰিজৰ পঞ্চম আৰু অন্তিমখন ৩১ জুলাইৰ পৰা লণ্ডনৰ কেনিংটন অ’ভেলত চলি আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজে। ছিৰাজে এই ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয় যেতিয়া তেওঁ ইংলেণ্ডৰ অধিনায়ক অলি পোপক আউট কৰে। ইংলেণ্ডৰ ইনিংছৰ ২৫ অভাৰৰ চতুৰ্থ বলত ছিৰাজে এটা সুন্দৰ ইনছুইং বলৰে পোপক আউট কৰে। ছিৰাজে ২০০টা আন্তঃৰাষ্ট্ৰীয় উইকেট সম্পূৰ্ণ কৰাৰ সৈতে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে তেওঁক অভিনন্দন জনোৱাৰ লগতে সমগ্ৰ ষ্টেডিয়ামত ভাৰতীয় অনুৰাগীসকলে চিৰাজৰ এই কৃতিত্বক হাতচাপৰিৰে তেওঁক অভিনন্দন জনায়। অতি কম সময়ৰ ভিতৰতে এই মাইলৰ খুঁটি অৰ্জন কৰি ছিৰাজে নিজকে টিম ইণ্ডিয়াৰ অন্যতম নিৰ্ভৰযোগ্য বলাৰ হিচাপে প্ৰমাণ কৰিছে। মহম্মদ ছিৰাজে তিনিওটা ফৰ্মেটতে – টেষ্ট, এদিনীয়া আৰু টি-২০ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। আক্ৰ মণাত্মক বলিং শৈলীৰ বাবে তেওঁ ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ড হৈ পৰিছে। Share this:FacebookX Related Post navigation একেৰাহে দ্বিতীয়বাৰলৈ মহিলা ইউৰো কাপৰ চেম্পিয়ন ইংলেণ্ড আঘাতৰ বাবে অনিৰ্দিষ্টকাললৈ খেলপথাৰৰ বাহিৰত থাকিব লিয়নেল মেছি