ফাফ ডু প্লেছিছৰ পিছত ইংলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ মঈন আলীয়ে এতিয়া আই পি এল ২০২৬ৰ পৰা আঁতৰি আহি পি এছ এল খেলাৰ সিদ্ধান্ত লৈছে। চাৰিদিনৰ ভিতৰত এনে পদক্ষেপ লোৱা দ্বিতীয়জন বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মঈন আলী। ২৯ নৱেম্বৰত আৰ চি বিৰ প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেছিছে আই পি এলৰ পৰা আঁতৰি পাকিস্তান ছুপাৰ লীগত খেলাৰ সিদ্ধান্ত ঘোষণা কৰে। ইফালে ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’ব আই পি এলৰ মিনি নিলাম। ছ’চিয়েল মিডিয়াত মঈন আলীয়ে আই পি এল নেখেলাৰ কথা প্ৰকাশ কৰে। তেওঁ লিখিছে যে এই লীগখন বিশ্বৰ অন্যতম শীৰ্ষ টি-২০ লীগ আৰু প্ৰতিটো দলতে বিশ্বমানৰ খেলুৱৈ আছে। তেওঁৰ মতে পাকিস্তানত খেলাটো সদায় এটা ভাল অভিজ্ঞতা। এই যাত্ৰা স্মৰণীয় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আই পি এল ২০২৫ৰ মেগা নিলামত কলকাতা নাইট ৰাইডাৰ্ছে ২ কোটিত মূল্যত মঈনক ক্ৰয় কৰিছিল। আইপিএল ২০২৬ৰ পূৰ্বে কেকেআৰে মঈনকে ধৰি ৯ গৰাকী খেলুৱৈক মুকলি কৰি দিছিল। ২০২৫ চনৰ ছিজনত মঈনৰ প্ৰদৰ্শন মধ্যমীয়া আছিল, মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি ৬খন মেচত ৬ টা উইকেট দখল কৰিছিল। Share this:FacebookX Related Post navigation দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল ঘোষণা আই পি এলৰ বাবে ১৩৫৫ গৰাকী খেলুৱৈৰ পঞ্জীয়ন