অসমৰ জনসাধাৰণৰ আৱেগ আৰু দুখক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সোমবাৰে সৰৱ হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। যোৱা ২০ আৰু ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে চলোৱা দুদিনীয়া অসম ভ্ৰমণৰ পাছতেই গগৈয়ে প্ৰধানমন্ত্ৰীক লৈ ক্ষোভ উজাৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কেৱল কংগ্ৰেছক আক্ৰমণ কৰা আৰু ইতিহাসৰ বিকৃত ব্যাখ্যা দাঙি ধৰাতে ব্যস্ত থাকিল। অথচ সমগ্ৰ অসমবাসীক শোকসাগৰত পেলাই গুচি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ তেওঁ এষাৰো শোকবাণী ব্যক্ত নকৰিলে। তদুপৰি গৌৰৱ গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰাটো দূৰৰে কথা, তেওঁৰ লাখ লাখ অনুৰাগীৰ প্ৰতি সমবেদনাও নজনালে। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীগৰাকী কেৱল লাইট, কেমেৰা আৰু নাটকীয় অনুষ্ঠানতহে মগ্ন হৈ থাকিল। আনহাতে গগৈয়ে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ উদাহৰণ দি কয় যে তাতো যুৱ প্ৰজন্মক কেৱল এখন মঞ্চস্থ নাটকৰ অংশ হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। জনসাধাৰণৰ প্ৰকৃত আবেগক মোদী চৰকাৰে সদায় আওকাণ কৰি আহিছে বুলি তেওঁ দাবী কৰে। আনফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে গান্ধীয়ে অসমলৈ আহি জুবিন ক্ষেত্ৰত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তেওঁ জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি ন্যায়ৰ দাবী জনোৱাৰ লগতে মণিপুৰৰ পীড়িত লোকসকলৰো কাষত থিয় দিছে। ইফালে উত্তৰ-পূৰ্বাঞ্চল কোনো ৰাজনৈতিক শ্লোগান বা নাগপুৰত প্ৰস্তুত কৰা নীতিৰ পৰীক্ষাগাৰ নহয় বুলিও তেওঁ কঠোৰ ভাষাৰে সোঁৱৰাই দিয়ে। গগৈয়ে কয় যে এই মাটিৰ ত্যাগ আৰু বলিদানৰ ইতিহাস আমাৰ তেজৰ সৈতে মিলি আছে। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু পৰম্পৰাক যিসকলে সন্মান কৰিব জানে, তেওঁলোককহে ৰাইজে সমৰ্থন দিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে অসমীয়াৰ আৱেগক আঘাত কৰা বুলি কৈ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে নিজৰ স্থিতি অধিক দৃঢ় কৰে। Share this:FacebookX Related Post navigation নেচনেল হেৰাল্ড গোচৰঃ ছোনিয়া আৰু ৰাহুল গান্ধীলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ বাংলাদেশত ৰাজনৈতিক হিংসা অব্যাহত, ছাত্ৰ নেতাক গুলী