ৰাজনৈতিক মতাদৰ্শৰ তীব্ৰ সংঘাতৰ মাজতেই সংসদ ভৱনৰ প্ৰাংগণত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধী এক অভূতপূৰ্ব সৌজন্যমূলক সাক্ষাতত মিলিত হয়। মহাত্মা জ্যোতিবা ফুলেৰ ২০০তম জন্মজয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশ ল’বলৈ গৈ দুয়ো নেতা আকস্মিকভাৱে মুখামুখি হোৱা কাৰ্যই দেশৰ ৰাজনৈতিক মহলত এতিয়া লাভ কৰিছে বিশেষ চৰ্চা। ৰাজহুৱা মঞ্চত সাধাৰণতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা যায় যদিও ব্যক্তিগত পৰ্যায়ত আজি পোহৰলৈ আহে দুয়োৰে মাজত সংলাপৰ এক বিৰল মুহূৰ্ত। শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে নিজ বাহনৰ পৰা নামিয়েই লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতেই তেওঁ আগবাঢ়ি গৈ বিৰোধী দলপতিগৰাকীৰ সৈতে বাৰ্তালাপত মগ্ন হয়। ভাইৰেল হোৱা এক ভিডিঅ’ত দুয়োজন নেতাক অতি মনোযোগেৰে আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে কথা পাতি থকা দেখা গৈছে। যদিও এই কথা-বতৰা অতি সংক্ষিপ্ত আছিল, তথাপিও শাসক আৰু বিৰোধীৰ মাজৰ কটু সম্পৰ্কৰ মাজত এই দৃশ্যই এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সংসদ প্ৰাংগণৰ প্ৰেৰণাস্থলত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীত মহাত্মা জ্যোতিবা ফুলেৰ অৱদানক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। সামাজিক ন্যায় আৰু শিক্ষাৰ অগ্ৰদূতগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা সময়তে হোৱা এই অনানুষ্ঠানিক সংলাপে তাত উপস্থিত থকা আন সাংসদসকলকো কিছু সময়ৰ বাবে আশ্চৰ্যচকিত কৰি তোলে। প্ৰেৰণাস্থলৰ এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুনৰাম মেঘৱালৰ দৰে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল। বিভিন্ন দলৰ নেতাসকলে দলীয় ৰাজনীতিৰ উৰ্ধত গৈ ফুলেৰ ঐতিহ্যক স্মৰণ কৰাৰ মুহূৰ্ততে মোদী আৰু ৰাহুল গান্ধীৰ এই সাক্ষাতে সংসদৰ দৈনন্দিন কাৰ্যসূচীত এক ভিন্ন মাত্ৰা প্ৰদান কৰে। বৰ্তমান সামাজিক মাধ্যমত দুয়োৰে এই মিলনৰ ভিডিঅ’টোৱে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। Share this:FacebookX Related Post navigation এন ডি এত স্থান লাভেৰে অসমলৈ গৌৰব কঢ়িয়ালে ৰঙিয়াৰ গৌৰৱে পশ্চিমবংগত অন্ত পৰিব তৃণমূলৰ ‘চিণ্ডিকেট ৰাজ’; বিজেপি চৰকাৰ আহিলে মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ