ভাৰতৰ একমাত্ৰ লণ্ডন বুলিয়ন মাৰ্কেট এছ’চিয়েচন (এলবিএমএ) গুড ডেলিভাৰী স্বৰ্ণ আৰু ৰূপৰ ৰূপৰ পৰিশোধক এমএমটিচি-পাম্পে ৯৯.৯৯+% বিশুদ্ধতাৰে ভগৱান ৰামৰ ৫০ গ্ৰাম বিশুদ্ধ চিলভাৰ বাৰ(ৰূপালী দণ্ডিকা) মুকলি কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। এই সুন্দৰ বাৰডালে ভগৱান ৰামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, এই বাৰডালৰ সন্মুখফালে ভগৱান ৰামৰ মূৰ্তিত ৩ডিৰ ৰঙীন ছবি আৰু পিছফালে আইকনিক ৰাম মন্দিৰৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামক ধৰ্ম, ন্যায় আৰু নৈতিক অখণ্ডতাৰ বাবে সকলোৰে মাজত শ্ৰদ্ধেয়। মহাকাব্য ৰামায়ণত উল্লেখ আছে দুষ্টক দমন শান্তক পালনৰ বাবে ভগৱানৰ আৱিৰ্ভাৱ হয় আৰু পৃথিৱীলৈ শান্তি ঘূৰাই আনে। ভগৱান ৰামৰ ৰূপালী দণ্ডিকা(চিলভাৰ বাৰ) এতিয়া গুৱাহাটীৰ এল গোপাল এণ্ড চন্স, মাণিক চন্দ এণ্ড চন্স, এল. গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেড, এম/এছ এল গোপাল জুৱেলাৰ্ছ আৰু পামট জুৱেলাৰী এণ্ড লাইফষ্টাইলছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত উপলব্ধ। এই ঘোষণাৰ কথা প্ৰকাশ কৰি এমএমটিচি-পিএএমপিৰ মুখপাত্ৰই কয় যে, “আজি সমগ্ৰ ভাৰতবাসী ৰাম মন্দিৰৰ উদ্বোধন আৰু পূজনীয় ৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাত আনন্দিত হৈছে, ঠিক একেদৰে এমএমটিচি-পিএএমপিয়ে এই ঐতিহাসিক মুহূৰ্তত ভগৱান ৰামৰ ৰূপালী দণ্ডিকাৰে অৰিহণা যোগাবলৈ পাই গৌৰৱ অনুভৱ কৰিছে।”এমএমটিচি-পিএএমপিৰ ৰাম লাল্লাৰ চিলভাৰ বাৰ(ৰূপালী দণ্ডিকা) হৈছে বিশ্বাস আৰু ভক্তিৰ এক পৱিত্ৰ প্ৰতীক, যি ৯৯.৯৯ +% বিশুদ্ধতাৰ সৈতে বিশুদ্ধ ৰূপেৰে অতি সতৰ্কতাৰে তৈয়াৰ কৰা হৈছে। কালজয়ী স্মাৰকে প্ৰজন্মৰ পিছত প্ৰজন্মক ভক্তি আৰু আধ্যাত্মিকতাৰ বাবে এক আদৰ্শ আৰু প্ৰিয় স্মাৰক হৈ ৰ’ব। Share this:FacebookX Related Post navigation টাটা মটৰ্ছে ইয়াৰ সানন্দ সুবিধাৰ পৰা ১ মিলিয়নতম কাৰ ৰোল-আউট স্মৰণ কৰে মেক্স লাইফে ‘স্মাৰ্ট ৱেলথ এডভাণ্টেজ গেৰাণ্টি এলিট প্লেন’ উন্মোচন কৰে