প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰিব পৰা বৈৰাবি-ছাইৰাং ৰেলপথ উদ্বোধন কৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাজ্য ভ্ৰমণৰ সময়ত মোদীয়ে আইজলৰ পৰা এখন ৰাজধানী এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ লগতে ঘাইপথ, শক্তি আৰু ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্পও আৰম্ভ কৰে। এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, লেংপুই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে আইজলৰ থুৱামপুই হেলিপেডলৈ যায়। পুৱা ১০ বজাত লামুৱালত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে মোদীয়ে। ইয়াৰ সময়ত তেওঁ প্ৰকল্পসমূহ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ মিজোৰামত নিৰাপত্তা কটকটীয়া কৰা হৈছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে আইজলত ৯ হাজাৰ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ৮,০৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে বৈৰবি-ছৈৰাং ৰেলপথ উদ্বোধন কৰিব, যিয়ে মিজোৰামৰ ৰাজধানীক প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। এই ৰেলপথত ৪৮ টা সুৰংগ আৰু ৫৫ খন ডাঙৰ দলং জটিল ভূতাত্ত্বিক পৰিস্থিতিত নিৰ্মাণ কৰা হৈছে।প্ৰায় ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবি-ছৈৰাং ব্ৰডগেজ ৰেল লাইন প্ৰকল্পটো কেন্দ্ৰৰ ‘এক্ট ইষ্ট’ নীতিৰ অংশ। ই আইজলক শিলচৰ চহৰ আৰু দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰি মিজোৰামক ভাৰতীয় ৰেল নেটৱৰ্কৰ অধীনলৈ আনিব। ছাইৰাং (আইজল)-দিল্লী (আনন্দ বিহাৰ টাৰ্মিনেল) ৰাজধানী এক্সপ্ৰেছৰ উপৰিও মোদীয়ে ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ আৰু চাইৰাং-কলকাতা এক্সপ্ৰেছতো ফ্লেগ অফ কৰে। আইজলৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত্বত অৱস্থিত চাইৰাং ৰেল ষ্টেচন। ইয়াৰ উপৰিও মোদীয়ে ৫০০ কোটি টকাৰ আইজল বাইপাছ ৰোডকে ধৰি কেইবাটাও পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যিয়ে আইজল চহৰৰ ভিৰ মুক্ত কৰাৰ লগতে লুংলেই, ছিয়াহা, লংটলাই, লেংপুই বিমানবন্দৰ, চাইৰাং ৰেলৱে ষ্টেচনৰ দৰে ঠাইৰ সংযোগ উন্নত কৰিব। Share this:FacebookX Related Post navigation নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু