নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ মিঞাই গৰম কৰিছে অসমৰ ৰাজনীতি। ৰাজ্যত অবৈধ নাগৰিক তথা মিঞা মুছলমানক লৈ ধাৰাবাহিকভাৱে সোচ্চাৰ হৈ পৰিছে খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। চৰাইদেউ জিলাৰ মাহমৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাভাষী মুছলমানসকলক লক্ষ্য কৰি এক বিস্ফোৰক মন্তব্য কৰে। এই সম্প্ৰদায়ৰ লোকসকলে ভাৰতৰ পৰিৱৰ্তে চুবুৰীয়া বাংলাদেশতহে ভোটদান কৰা উচিত বুলি উল্লেখ কৰি তেওঁ এক নতুন সংঘাতৰ সূচনা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, বৰ্তমানৰ নিয়মৰ আধাৰতে এই নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকসকলক অসমত ভোটদানৰ পৰা বিৰত ৰাখিব লাগে। ভোটাৰ তালিকাত যাতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহয়, তাৰ বাবে চৰকাৰে ইতিমধ্যে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এক বিশেষ নিবিড় পুনৰীক্ষণৰ জৰিয়তে প্ৰায় ৪ ৰ পৰা ৫ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে। উল্লেখযোগ্য যে, নিৰ্বাচন আয়োগে বৰ্তমান কেৱল এক সাধাৰণ পুনৰীক্ষণ প্ৰক্ৰিয়াহে চলাই থকাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ইয়াক এক বিশেষ প্ৰক্ৰিয়া বুলিহে অভিহিত কৰিছে।

ইফালে, চৰকাৰৰ এই স্থিতিক লৈ বিৰোধী দলসমূহে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ভোটাৰ তালিকা পুনৰীক্ষণত ব্যাপক খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ ভোটাৰ তালিকাত অন্যায়ভাৱে হস্তক্ষেপ কৰাৰ অভিযোগ তুলিছে। ইতিমধ্যে বিৰোধী ঐক্যই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে তালিকাৰ পৰা বাদ নপৰে, তাৰ বাবে এক স্মাৰক পত্ৰও প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *