ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক উন্নীত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সংবাদ মাধ্যম আৰু মনোৰঞ্জন দক্ষতা পৰিষদ(এম ই এছ চি)ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অধ্যক্ষতা কৰে। “স্কিল ইণ্ডিয়া টু বিল্ড ইণ্ডিয়া” শীৰ্ষক বিষয়বস্তুৰ অধীনত আয়োজিত এই বৈঠকত ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক বিশ্ব বজাৰৰ বাবে যুৱ প্ৰতিভাসমূহক সজ্জিত কৰাৰ ক্ষেত্ৰত এম ই এছ চিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এমইএছচিৰ চিইঅ’ মোহিত চোনি আৰু অস্কাৰ জয়ী ড০ ৰেছুল পুকুট্টিৰ দৰে মনোৰঞ্জন জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশ লোৱা এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে দক্ষতা বিকাশক একাকাৰ কৰাত গুৰুত্ব আৰোপ কৰা হয়।

মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে মিডিয়া, সম্প্ৰচাৰ, আৰু এভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক্স) খণ্ডত দক্ষতাৰ চাহিদা সমাধান আগবঢ়োৰ বাবে এমইএছচিৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী চৌধুৰীয়ে উদ্যোগৰ নেতৃবৃন্দ আৰু চৰকাৰী সংস্থাসমূহৰ সৈতে সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “ভাৰতক এক বিশ্বব্যাপী প্ৰতিভাকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এমইএছচিৰ এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ, বিশেষকৈ সৃষ্টিশীল বিকাশত সহায় কৰা চৰকাৰৰ এভিজিচি নীতিৰ সৈতে সংগতি ৰাখে।”

গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যখনতে সংবাদ জগতৰ ক্ষেত্ৰখনত দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, এনে এক প্ৰেক্ষাপটত এমইএছচি-ৰ প্ৰচেষ্টাই স্থানীয় পৰ্যায়তো নিয়োগ বৃদ্ধি কৰি সমৃদ্ধিৰ পথ প্ৰদৰ্শন কৰিব। উন্নত দক্ষতাসমূহ অসমৰ যুৱক-যুৱতীসকলে সুযোগ গ্ৰহণ কৰিব পাৰিলে অঞ্চলটোৰ অৰ্থনীতিত মূল্য সংযোজন হোৱাৰ লগতে নিজৰো মান-মৰ্যাদা বাঢ়িব।

Leave a Reply

Your email address will not be published. Required fields are marked *