জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ২০২৪ চনৰ অক্টোবৰ মাহত শেহতীয়াকৈ মুকলি কৰা এম জি উইণ্ডছৰে ভাৰতৰ প্ৰথম বুদ্ধিমত্তাসম্পন্ন চিইউভিৰ শিতানত বিক্ৰীৰে নতুন অভিলেখ গঢ়িলে। কোম্পানীটোৱে ২০২৪ চনৰ অক্টোবৰ মাহত ৩১% ৱাইঅ’ৱাই বৃদ্ধি কৰিবলৈ সক্ষম হয়, অক্টোবৰ মাহতে প্ৰতিষ্ঠানটোৱে ৭০৪৫*খন বাহন বিক্ৰী কৰিছিল, যি কোম্পানীটোৰ আৰম্ভণিৰ পিছত লাভ কৰা সৰ্বাধিক বিক্ৰীৰ পৰিসংখ্যা। ভৱিষ্যতৰ বাবে বহনক্ষম গতিশীলতা সমাধানকাৰী গাড়ী নিৰ্মাতা কোম্পানীটোৱে উৎসাহজনক ফলাফল প্ৰদান কৰি গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হৈছে, মাহেকীয়া গড় হিচাপত এনইভি পৰ্টফলিঅ’ই বিক্ৰী বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে। অক্টোবৰ মাহত এনইভি-এ জেএছডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ মুঠ বাহন বিক্ৰীৰ ৭০% অৰিহণা যোগাইছিল, যিয়ে গ্ৰাহকৰ মাজত কোম্পানীটোৰ ইলেক্ট্ৰিক বাহনৰ পৰ্টফলিঅ’ৰ জনপ্ৰিয়তা দ্ৰুত গতিত বৃদ্ধি পোৱা দিশটো প্ৰতিফলিত কৰিছে। Share this:FacebookX Related Post navigation জেনিচিছ গ্ৰুপ অধিগ্ৰহণ কৰাৰ কথা ঘোষণা বন্ধন গ্ৰুপৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ