বিকাশ আৰু গ্ৰাহকৰ আস্থাৰ সফল বছৰ পূৰণৰ উপলক্ষে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই ৫-৭ ডিচেম্বৰ, ২০২৫ৰ পৰা নিজৰ বাহনসমূহত দেশজুৰি উল্লাসজনক মিডনাইট কাৰ্নিভেল অভিযানৰ আৰম্ভণিৰ ঘোষণা কৰিছে। এই তিনিদিন সকলো এম জি শ্ব’ৰূম মাজনিশালৈ খোলা থাকিব, ফলত গ্ৰাহকসকলে তেওঁলোকৰ সময়-সুবিধা অনুসৰি পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এম জি বাহনৰ বিষয়ে অন্বেষণ কৰিবলৈ সুযোগ লাভ কৰিব৷ একে সময়তে উৎসৱমুখৰ পৰিৱেশত কাৰ্নিভেলৰ দৰে অভিজ্ঞতাৰো সোৱাদ লাভ কৰিব৷ মিডনাইট কাৰ্নিভেলৰ সৈতে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই স্মৰণীয় মালিকীস্বত্বৰ অভিজ্ঞতাৰ সৈতে পণ্য উদ্ভাৱনক সংমিশ্ৰিত কৰি গ্ৰাহকক নিজৰ যাত্ৰাৰ কেন্দ্ৰীয় অংশ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। শ্ব’ৰূমৰ সময় বৃদ্ধি কৰি আৰু আকৰ্ষণীয় ইন-ডিলাৰশ্বিপ কাৰ্যাৱলী তৈয়াৰ কৰি ব্ৰেণ্ডটোৱে গাড়ী ক্ৰয়ক আনন্দময়, পৰিয়ালৰ অনুকূল উদযাপনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই ঘোষণা সন্দৰ্ভত জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া বিনয় ৰাইনাই কয়-’’জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াত আমি সঁচাকৈ গাড়ীৰ ঊৰ্ধ্বলৈ গৈ অভিজ্ঞতা সৃষ্টিত বিশ্বাস কৰোঁ আৰু এই বছৰটো গ্ৰাহকসকলে আমাৰ ব্ৰেণ্ডৰ প্ৰতি যি মৰম আৰু আত্মবিশ্বাস প্ৰকাশ কৰিছে সেয়া তাৰে প্ৰমাণ। মিডনাইট কাৰ্নিভেলৰ জৰিয়তে আমি নিশ্চিত কৰিব বিচাৰোঁ যে এই সময়ত আৰম্ভ হোৱা প্ৰতিটো নতুন যাত্ৰাই বিশেষ উপহাৰৰ সৈতে উপলব্ধ৷ আমাৰ ধন্যবাদ জ্ঞাপনৰ মাধ্যম হিচাপে আৰু আমাৰ ক্ৰমবৰ্ধমান সমাজৰ মাজত আনন্দ বিয়পাই দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।” মিডনাইট কাৰ্নিভেলৰ অংশ হিচাপে গ্ৰাহকে ১১ কোটি টকাৰ নিশ্চিত পুৰস্কাৰ লাভ কৰিব৷ য’ত লণ্ডনলৈ সপোনৰ ভ্ৰমণৰ সুবিধা জয় কৰাৰ সুযোগ, নিশ্চিত ৩ দিন / ২ নিশাৰ ছুটীৰ ভাউচাৰ আৰু যোগ্য গ্ৰাহকৰ বাবে গেজেট তথা লাইফষ্টাইল উপহাৰৰ দৰে আকৰ্ষণীয় স্ক্ৰেছ-এণ্ড-উইন পুৰস্কাৰ থাকিব।* গ্ৰাহকে ৩ মাহৰ ই এম আই হলিডে’, ১০০% অনকে ধৰি আকৰ্ষণীয় আৰ্থিক বিকল্পও পাব পাৰে৷ ঋণৰ সময়ছোৱাত পথৰ সম্পূৰ্ণ সুৰক্ষা লাভ কৰিব৷ Share this:FacebookX Related Post navigation অফিচিয়েল ষ্টাইল পাৰ্টনাৰ হিচাপে হৰ্নবিল ফেষ্টিভেলত ২০২৫ত জিলিকিল মিয়া, নগা ঐতিহ্যৰ প্ৰদৰ্শন এই গছত ডায়েবেটিছ নিয়ন্ত্ৰণৰ গুণ আছে