জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন বুদ্ধিমত্তাসম্পন্ন ক্ৰছঅভাৰ ইউটিলিটী বাহন(চিইউভি) এম জি উইণ্ডচৰ গ্ৰাহকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছে। ২০২৪ৰ ২৬ আগষ্টত উন্মোচিত হোৱা উইণ্ডচৰে এই ছেগমেণ্টৰ সৰ্ববৃহৎ ১৫.৬ ইঞ্চিৰ ‘গ্ৰেণ্ডভিউ টাচ্চ ডিছপ্লে’ সগৌৰৱে গ্ৰাহকৰ বাবে প্ৰদান কৰিছে, যিয়ে গাড়ীখনক স্থবিৰ হৈ থকাৰ সময়ত মনোৰঞ্জন, গেমিং আৰু শিক্ষণ হাবলৈ ৰূপান্তৰিত কৰি বাহনৰ ভিতৰৰ অভিজ্ঞতাক ন ৰূপত সংজ্ঞায়িত কৰিছে। ব্ৰিটেইনৰ ৰাজকীয় উইণ্ডচৰ কেচ্চলৰ স্থাপত্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ এম জি উইণ্ডচৰে বিলাসীতাৰ সৈতে নিখুঁত কাৰুকাৰ্যৰ সংমিশ্ৰণ ঘটাইছে। ১৫.৬ ইঞ্চিৰ টাচ্চস্ক্ৰীনে কাৰ্যক্ষমতাৰ লগতে নান্দনিকতাকো দুগুণ কৰি তুলিছে, যিয়ে উইণ্ডচৰৰ অত্যাধুনিক ডিজাইনক নিখুঁতভাৱে পৰিপূৰক কৰি তোলে। এই বুদ্ধিমত্তাসম্পন্ন চিইউভিয়ে বিশাল আভ্যন্তৰীণ অংশৰ সৈতে অত্যাধুনিক ডিজাইনৰ সংমিশ্ৰণ ঘটাইছে, যিয়ে ভাৰতীয় গ্ৰাহকৰ বিৱৰ্তনশীল চাহিদা পূৰণ কৰিব, সেয়া লাগিলে দৈনিক যাতায়তৰ বাবেই হওক অথবা ছুটিৰ দিনত ভ্ৰমণৰ বাবেই হওক। এম জি উইণ্ডচৰৰ ডিজাইনে নামটোৰ সৈতে সংগতি থকা ৰাজকীয় ঐতিহ্যক প্ৰতিফলিত কৰিছে, ইয়াৰ লগতে বাহনখনে উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ সুবিধাও প্ৰদান কৰিছে, যিয়ে ভাৰতৰ যিকোনো ভূখণ্ডত মসৃণ নেভিগেচন সুনিশ্চিত কৰিব। গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যৰ প্ৰিমিয়াম আৰু বহুমুখী বাহনৰ বাবে বৰ্ধিত ক্ষুধা নিবাৰণ কৰি এমজি উইণ্ডচৰে অঞ্চলটোৰ অভিনৱ স্বয়ংচালিত সমাধানৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সাজু হৈছে, যিয়ে বিলাসিতাক দৈনন্দিন ব্যৱহাৰিকতাৰ সৈতে একত্ৰিত কৰি তুলিছে। Share this:FacebookX Related Post navigation এমজি উইণ্ডচাৰে কচ্ছৰ ৰণৰ ব্যতিক্ৰমী প্ৰদৰ্শন কৰে আইটিআই এছেট মেনেজমেণ্ট কোম্পানীৰ দ্বাৰা লাৰ্জ এণ্ড মিড কেপ ফাণ্ড মুকলি