২০২৬ ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। এইবাৰ ৪৮ টা দলে অংশগ্ৰহণ কৰিছে বিশ্বকাপত। ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত হয় ফিফা বিশ্বকাপৰ ড্ৰ’। এই সময়ছোৱাত ১২টা গ্ৰুপত ড্ৰ’ হোৱা দল আৰু খেলৰ সময়সূচী নিৰ্ধাৰণ কৰা হয়। ড্ৰ’ৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো উপস্থিত আছিল আৰু তেওঁক ফিফা শান্তি বঁটাৰে সন্মানিত কৰা হয়।বিশ্বকাপৰ প্ৰথমখন খেল মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। যিখন ঐতিহাসিক এষ্টেডিঅ’ এজটেকাত অনুষ্ঠিত হ’ব। ২০২২ চনৰ ফিফা বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাই ২০২৬ চনৰ বিশ্বকাপৰ উদ্বোধনী মেচত আলজেৰিয়াৰ বিৰুদ্ধে খেলিব। দুয়োটা দলকে অষ্ট্ৰিয়া আৰু জৰ্ডানৰ লগতে গ্ৰুপ জে-ত স্থান দিয়া হৈছে। বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা আৰু আগশাৰীৰ প্ৰতিদ্বন্দ্বী স্পেইন আৰু ইংলেণ্ডে ২০২৬ চনৰ বিশ্বকাপৰ বাবে সহজ গ্ৰুপ লাভ কৰিছিল। ফ্ৰান্সে এটা কঠিন গোট লাভ কৰিলে। ফুটবলৰ দুগৰাকী ডাঙৰ ছুপাৰষ্টাৰ কাইলিয়ান এমবাপে (ফ্ৰান্স) আৰু আৰ্লিং হালেণ্ড (নৰ্ৱে) একেটা গ্ৰুপতে আছে। ইউৰোপীয় চেম্পিয়ন স্পেইনে কেপ ভাৰ্ডেৰ বিৰুদ্ধে গ্ৰুপ এইচ-ত অভিযান আৰম্ভ কৰিব। ২০২৬ চনৰ প্ৰতিযোগিতাখনত ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত হ’ব। এইবাৰ ১৬টা নতুন দলে যোগদান কৰি মুঠ দলৰ সংখ্যা ৪৮টালৈ বৃদ্ধি পাইছে।কাটাৰত অনুষ্ঠিত হোৱা যোৱা বিশ্বকাপত ৩২টা দল আছিল। যোৱাবাৰ ৬৪খন মেচ অনুষ্ঠিত হৈছিল। এইবাৰ মুঠ ১০৪খন খেল অনুষ্ঠিত হ’ব। অধিকাংশ মেচ আমেৰিকাত অনুষ্ঠিত হ’ব। নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল। বিশ্বকাপৰ ১২টা গ্ৰুপত আছে: গ্ৰুপ এ : মেক্সিকো, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, ইউএফএ প্লে অফ ডি। গ্ৰুপ বি : কানাডা, ইউএফএ প্লে অফ এ, কাটাৰ, ছুইজাৰলেণ্ড। গ্ৰুপ চি : ব্ৰাজিল, মৰক্কো, হাইটি, স্কটলেণ্ড। গ্ৰুপ ডি : আমেৰিকা, পেৰাগুৱে, অষ্ট্ৰেলিয়া, ইউএফএ প্লে অফ চি। গ্ৰুপ ই: জাৰ্মানী, কিউৰাচাও, আইভৰি কোষ্ট, ইকুৱেডৰ। গ্ৰুপ এফ : নেদাৰলেণ্ড, জাপান, ইউএফএ প্লে অফ বি, টিউনিছিয়া। গ্ৰুপ জি : বেলজিয়াম, ইজিপ্ত, ইৰাণ, নিউজিলেণ্ড। গ্ৰুপ এইচ : স্পেইন, কেপ ভাৰ্ডে, চৌদি আৰব, উৰুগুৱে। গ্ৰুপ আই : ফ্ৰান্স, চেনেগাল, ফিফা প্লে অফ ২, নৰৱে। গ্ৰুপ জে : আৰ্জেণ্টিনা, আলজেৰিয়া, অষ্ট্ৰিয়া, জৰ্ডান।গ্ৰুপ কে : পৰ্তুগাল, ফিফা প্লে অফ ১, উজবেকিস্তান, কলম্বিয়া আৰু গ্ৰুপ এল : ইংলেণ্ড, ক্ৰ’ৱেচিয়া, ঘানা, পানামা। Share this:FacebookX Related Post navigation আই পি এলৰ বাবে ১৩৫৫ গৰাকী খেলুৱৈৰ পঞ্জীয়ন আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম