মেছি আহিছিল! ফুটবলৰ মহাতাৰকা লিয়নেল মেছিক এবাৰ চাবলৈ শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত সমবেত হৈছিল হাজাৰ হাজাৰ অনুৰাগী। কিন্তু মেছি ষ্টেডিয়ামত উপস্থিত হয় যদিও পূৰ্ব নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই তেওঁ ষ্টেডিয়াম ত্যাগ কৰে। আৰু মহাতাৰকাগৰাকীৰ এই আকস্মিক বিদায়ৰ পিছতে ষ্টেডিয়ামত সৃষ্টি হয় উত্তেজনাপূৰ্ পৰিস্থিতিৰ। মেছিক চাবলৈ টিকট ক্ৰয় কৰি ষ্টেডিয়ামত উপস্থিত হোৱা হাজাৰ হাজাৰ অনুৰাগীয়ে ক্ষোভত পানীৰ বটল আৰু চকী দলিয়াবলৈ আৰম্ভ কৰে। তেওঁলোকে অভিযোগ কৰে যে মেছি মাত্ৰ ১০ মিনিটৰ বাবেহে আহিছিল। ইয়াৰ উপৰিও, তেওঁক নেতা আৰু মন্ত্ৰীসকলে ঘেৰি ধৰিছিল বাবে অনুৰাগীয়ে স্পষ্টকৈ দেখা নাপালে। এজন অনুৰাগীয়ে কয়, “আমি ১২ হাজাৰ টকাৰ টিকট লৈছিলো, কিন্তু তেওঁৰ মুখখনো চাব নোৱাৰিলো।” তেওঁ কয় যে এই অনুষ্ঠানটো “একেবাৰে ভয়ংকৰ” আছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ বহুত ধন, আৱেগ আৰু সময় নষ্ট হ’ল। খেলপথাৰত দৰ্শকৰ ভিৰ আৰু নিৰাপত্তাজনিত উদ্বেগৰ বাবেই মেছিক লগে লগে উলিয়াই লৈ যোৱা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ইফালে এই ঘটনাৰ পিছতে পৰিস্থিতিৰ বাবে ক্ষমা বিচাৰি তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। Share this:FacebookX Related Post navigation আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ –গৰিমা শইকীয়া গাৰ্গ গুৱাহাটীত আত্মগোপন ঢাকাৰ সাংসদপ্ৰাৰ্থীৰ ২ হত্যাকাৰী, ভাৰতীয় উচ্চায়ুক্তক তলৱ