২০২৭ৰ ফেব্ৰুৱাৰী-মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে। ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅএ) সভাপতি পি টি ঊষাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক এই কথা জনাইছে। উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক খেলৰ সামৰণি অনুষ্ঠানত মেঘালয়ক পৰৱৰ্তী ছিজনৰ বাবে আয়োজক ৰাজ্য হিচাপে আইঅ’এ ৰ পতাকা প্ৰদান কৰা হ’ব। অনুষ্ঠানটো শুকুৰবাৰে হালদৱানীত অনুষ্ঠিত হ’ব। আইঅএৰ সভাপতি পি টি ঊষাই কয় যে মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে ২০২৭ চনৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজক অধিকাৰ মেঘালয়ক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে আইঅ’এয়ে। তেওঁ কয় যে মেঘালয়ে এক ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ কৰাৰ লগে লগে মই আপোনালোকক উত্তৰাখণ্ডৰ হালদৱানীত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছো, য’ত আইঅ’এৰ পতাকা আনুষ্ঠানিকভাৱে মেঘালয়ক হস্তান্তৰ কৰা হ’ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ২০২৭ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিবলৈ মেঘালয়ক বাছনি কৰাটো এটা বৃহৎ সন্মান। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰৱৰ্তী সংস্কৰণৰ বাবে আইঅ’এৰ পতাকাক আয়োজক হিচাপে গ্ৰহণ কৰিবলৈ উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি অনুষ্ঠানত যোগদান কৰিবলৈ মই উৎসাহিত হৈছো। উল্লেখ্য যে উত্তৰাখণ্ডত ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত ৩৮ টা দলৰ প্ৰায় ১০,০০০ খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিছে। উত্তৰাখণ্ডৰ সাতখন চহৰত খেলসমূহ অনুষ্ঠিত হৈছে আৰু ডেৰাডুন হৈছে মুখ্য স্থান। আন স্থানবোৰ হ’ল হৰিদ্বাৰ, নৈনিতাল, হালদৱানী, ৰুদ্ৰপুৰ, শিৱপুৰী আৰু নতুন তেহৰি। Share this:FacebookX Related Post navigation দুৰ্নীতি সূচকত ১৮০খন দেশৰ ভিতৰত ৯৬ তম স্থানত ভাৰত মেঘালয়ৰ চান্দ মোহন ঝা বিশ্ববিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ