প্ৰতিবেশী ৰাজ্য মেঘালয়ত এতিয়া এইচআইভি মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বুধবাৰে বিধানসভাত এই উদ্বেগজনক তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী ডব্লিউ শ্বাইলাই জনায় যে বৰ্তমান ৰাজ্যখনত ১০ হাজাৰৰো অধিক লোক এই মৰাত্মক ব্যাধিত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। সমগ্ৰ ভাৰতৰ ভিতৰতে বৰ্তমান মেঘালয়তে এইচআইভিৰ সংক্ৰমণৰ হাৰ সৰ্বাধিক বুলি মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে।

স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে, বৰ্তমান মেঘালয়ত ১০,২৯৩ গৰাকী লোকে এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপি গ্ৰহণ কৰি আছে। বিগত এক দশকত ৰাজ্যখনত এই ৰোগৰ ফলত ৭৪৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, এই সকলোবোৰ মৃত্যু অন্যান্য সংক্ৰমণৰ বাবেহে হৈছে আৰু পোনপটীয়াকৈ কোনেও এইচআইভিৰ বাবে মৃত্যুবৰণ কৰা নাই।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে ২৫ কোটি টকীয়া এক পাঁচ বছৰীয়া আঁচনিৰ অনুমোদন জনাইছে। সামাজিক লোকলজ্জা আৰু গোপনীয়তাৰ নীতিৰ বাবে বহুলোকে পৰীক্ষা কৰাবলৈ আগবাঢ়ি নাহে বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী ডব্লিউ শ্বাইলাই কয়, “এইচআইভি এতিয়া কোনো মৃত্যুদণ্ড নহয়।” তেওঁ লগতে কয়, “যদিও ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি, সঠিক চিকিৎসাৰ জৰিয়তে ৰোগীয়ে এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে।”

কেনদ্ৰীয় চৰকাৰৰ নেশ্যনেল এইডছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনেও মেঘালয়ক সহায় কৰিবলৈ ২০২৫-২৬ বৰ্ষৰ বাবে ইতিমধ্যে ১৭.৮ কোটি টকা মুকলি কৰি দিছে। চৰকাৰে এতিয়া মিছন মোডত সজাগতা অভিযান চলাই এই সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *