উত্তৰ আৰু পূব ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত বহু বিশেষজ্ঞ তৃতীয় পৰ্যায়ৰ যত্ন প্ৰদানকাৰী গ্লবেল হেল্থ লিমিটেড(মেদাণ্ট)-এ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বাবে এইপৰ্যন্ত সৰ্বাধিক ত্ৰিমাসিক প্ৰদৰ্শনৰ কথা সদৰি কৰিছে, মুঠ আয় বছৰি ১৯.১% বৃদ্ধি পাই ১০,৫১৩ মিলিয়ন টকা হৈছে। এবিটডা ২২.৬% বৃদ্ধি পাই ২,৫৫৩ মিলিয়ন টকা হৈছেগৈ, আনহাতে কৰৰ পিছত লাভ ৪৯.৬% বৃদ্ধি পাই ১,৫৯ কোটি টকা হৈছেগৈ। এই বৃদ্ধিৰ মূলতে হৈছে ব্যৱহৃত বিচনাৰ দিন ১৩.৩% বৃদ্ধি, ৬৬,৫৮৪ টকাৰ উন্নত এআৰপিঅ’বি আৰু পুৰণি আৰু বিকাশশীল চিকিৎসালয় উভয়ে দেখুওৱা শক্তিশালী প্ৰদৰ্শন। আন্তঃৰাষ্ট্ৰীয় ৰোগীৰ ৰাজহ ৩৩.৮% উৰ্ধ্বগামী হৈ ৬৩৬ মিলিয়ন টকা হৈছেগৈ। অ’পিডি ফাৰ্মাচীৰ ৰাজহো ২১.৬% বৃদ্ধি পাইছে। মুখ্য কাৰ্যবাহী বিষয়া পংকজ সাহনীয়ে এই শক্তিশালী ফলাফলৰ কৃতিত্ব ৰোগীৰ সংখ্যা বৃদ্ধি আৰু উন্নত উপলব্ধিৰ বাবে হোৱা বুলি উল্লেখ কৰে। যোৱা মাহত ৰাঁচীত এখন ১১০খন বিচনাযুক্ত চিকিৎসালয় আৰম্ভ হোৱাৰ কথা সদৰি কৰে আৰু বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ ভিতৰত নয়ডাত ৫৫০খন বিচনাযুক্ত এখন চিকিৎসালয় মুকলিৰ পৰিকল্পনাৰ কথা পুনৰবাৰ উল্লেখ কৰে। গুৱাহাটী মহানগৰীতো মেদাণ্টই গুৰুত্বপূৰ্ণ সুবিধা বিকশিত কৰি আহিছে, স্বাস্থ্যসেৱা বিশ্লেষকসকলে চহৰখনৰ ব্যক্তিগত স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উন্নতিৰ আশা কৰিছে। এই প্ৰকল্পটোৱে কেৱল অসমৰ বাবেই নহয়, বৰ্ধিত চিকিৎসা পৰ্যটনৰ চাহিদাৰ প্ৰয়োগ কৰি অঞ্চলটোৰ তৃতীয় পৰ্যায়ৰ চিকিত্সা যত্ন শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চলৰ চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে। ডাঃ নৰেশ ত্ৰেহানৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মেদাণ্টই বৰ্তমান সমগ্ৰ ভাৰতত ৫খন হাস্পতালত ৩,০০০ৰো অধিক বিচনাত ৰোগীক পৰিচৰ্যা আৰিু পৰিচালনা কৰে। Share this:FacebookX Related Post navigation অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী চুপাৰ.মানি-এ ফ্লাইটছ মুকলিৰে ভ্ৰমণ ক্ষেত্ৰখনলৈ আনিছে বৈচিত্ৰ্যতা, আটাইতকৈ পুৰস্কাৰজনক ইউপিআই প্লেটফৰ্ম হিচাপে শক্তিশালী কৰিছে নিজৰ অৱস্থান