উত্তৰ-পূৰ্বাঞ্চলত গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে নিৰ্বাচিত কৰা মেদাণ্ট –দ্য মেডিচিটী, গুৰগাঁৱে অঞ্চলটোৰ ৰোগীসকলৰ বাবে এক নিৰ্দিষ্ট হেল্পলাইন মুকলি কৰিছে। পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ উপলব্ধ হেল্পলাইন নম্বৰ 89043 95588ৰ জৰিয়তে চিকিৎসক বাছনি, এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব, বৰ্তমান অসমীয়া, বাংলা, নাগামীছ, ইংৰাজী আৰু হিন্দী ভাষাত ৰোগী-অভিভাৱকসকলে ৰোগ, ভ্ৰমণ আৰু থকাৰ সহায়ৰ সুবিধা ল’বলৈ ফোন কৰিব পাৰিব আৰু অচিৰে এই হেল্পলাইনত অধিক ভাষা সংযোজন হ’ব। মেদাণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহনে কয় যে এই পদক্ষেপে চিকিৎসালয়খনৰ লক্ষ্যক প্ৰতিফলিত কৰে যাতে “মানসম্পন্ন স্বাস্থ্যসেৱা এক অধিকাৰ হ’ব লাগে, বিশেষ সুবিধা নহয়।” 

তেওঁ লগতে কয় যে, যোগাযোগৰ বাধাসমূহ, বিশেষকৈ চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা ৰোগীসকলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত আজিও এক বিশেষ প্ৰত্যাহ্বান হৈয়ে আছে। সমগ্ৰ মহানগৰীKvত উন্নত চিকিৎসা সেৱাৰ চাহিদা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাত এই পদক্ষেপ হাতত লোৱা হৈছে। সৰুসজাইত নিৰ্মীয়ামন ৪০০+ বিচনাযুক্ত মেদাণ্ট ছুপাৰ-স্পেচিয়েলিটী হাস্পতাল আৰু বৰ্তমানৰ জি এছ ৰোডস্থিত ছানভেলী হাস্পতালত মাল্টি স্পেচিয়েলিটি অ’পিডি সেৱা আৰু নতুন হেল্পলাইনে তৃতীয় পৰ্যায়ৰ যত্নৰ বিকল্প বিচৰা পৰিয়ালসমূহৰ বাবে চিকিত্সা লাভ সুশৃংখলিত কৰিব আৰু বিভ্ৰান্তি হ্ৰাস কৰিব।

মেদাণ্ট গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ সাহনীয়ে কয় যে, এই হেল্পলাইনটোৱে ৰোগীসকলক নিজৰ নিজৰ স্বাস্থ্যসেৱাৰ সমগ্ৰ যাত্ৰাৰ সময়ত সবলীকৰণ কৰিব।  মেদাণ্টই স্বাস্থ্য সজাগতা পুস্তিকা এখন তৈয়াৰ কৰিবলৈ নাগালেণ্ড চৰকাৰৰ আইডিএএন-ৰ সৈতে অংশীদাৰীত্ব কৰিছে, আনহাতে নাগালেণ্ডত ইতিমধ্যে কেইবাটাও বিভাগৰ অ’পিডি সেৱা কাৰ্যকৰী হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *