অসমত ৪০ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্কৰ মাজত বিশেষকৈ হৃদযন্ত্ৰৰ ৰোগ (চিভিডি) জনস্বাস্থ্যৰ এক প্ৰধান উদ্বেগ ৰূপে দেখা গৈছে, সমান্তৰালভাৱে নগৰৰ যুৱক-যুৱতীৰ মাজত ক্ৰমাৎ এই সমস্যা বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত গুৰগাঁওস্থিত মেদান্তা-দ্য মেডিচিটীয়ে বুধবাৰে গুৱাহাটীত হৃদযন্ত্ৰৰ উন্নত চিকিৎসাৰ ভৱিষ্যৎ প্ৰদৰ্শন কৰিছে। এই অধ্যয়নসমূহে ইংগিত দিয়ে যে চহৰ আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকল ৪০ বছৰ বয়সৰ পূৰ্বেই হৃদৰোগৰ প্ৰতি সংবেদনশীল হৈ পৰিছে, যিয়ে আগতীয়াকৈ ধৰা পেলোৱা আৰু সময়মতে পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।চিকিৎসক আৰু ৰোগীসকলক সম্বোধন কৰি মেদান্তাৰ ইণ্টাৰভেনচনেল কাৰ্ডিঅ’লজি শাখাৰ অধ্যক্ষ ডাঃ প্ৰবীণ চন্দ্ৰই ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ (চিএডি) আৰু ভালভুলাৰ হাৰ্ট ডিজিজ (ভিএইছডি) ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। তেওঁ হৃদযন্ত্ৰৰ ভালভ মেৰামতি আৰু সলনি কৰা, নূন্যতম আগ্ৰাসী অস্ত্ৰোপচাৰ, ৰবটিক সহায়ক পদ্ধতি, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণৰ পদক্ষেপকে ধৰি বিৱৰ্তনশীল চিকিৎসা পদ্ধতিৰ বিষয়ে সদৰি কৰে। তেওঁ জোৰ দি কয় যে প্ৰযুক্তি, ক্লিনিকেল বিশেষজ্ঞতা আৰু সম্প্ৰদায়ৰ উপস্থিতিৰ সংমিশ্ৰণে হৃদযন্ত্ৰৰ চিকিত্সা প্ৰতিক্ৰিয়াশীলৰ পৰা প্ৰতিৰোধমূলকলৈ স্থানান্তৰিত কৰিব পাৰে।ইয়াৰ পূৰ্বে ডাঃ চন্দ্ৰই গুৱাহাটীত এক বিশেষ অ’পিডি সেৱা অনুষ্ঠিত কৰিছিল, য’ত সমগ্ৰ অসমৰ ৰোগীসকলক বিশেষজ্ঞ পৰামৰ্শ আৰু নিদান সেৱা আগবঢ়োৱা হৈছিল। গুৱাহাটীৰ জীৱনশৈলী-সম্পৰ্কীয় হৃদৰোগৰ বৰ্ধিত পৰিসংখ্যাই চহৰখনত উন্নত হৃদযন্ত্ৰৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বিকল্পৰ বাবে শক্তিশালী চাহিদাৰ সৃষ্টি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে গুৱাহাটী উত্তৰ-পূবৰ বাবে এক আঞ্চলিক চিকিৎসা কেন্দ্ৰ হিচাপে ক্ৰমান্বয়ে বিকশিত হৈ আছে, যাৰ ফলত অঞ্চলটোৰ বাহিৰৰ মহানগৰসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে। মেদান্তাৰ আগন্তুক ৪ শতাধিক বিচনাযুক্ত ছুপাৰ-স্পেচিয়েলিটী চিকিৎসালয়ৰ নিৰ্মাণ পূৰ্ণগতিত চলি আছে, ইতিমধ্যে সম্পন্ন হৈছে ভূমি পূজন, যিয়ে চহৰখনৰ স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব আৰু বিশেষ চিকিৎসা সেৱাৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। মেদান্তাই উত্তৰ-পূবৰ বাবে 8904395588 নম্বৰত এক সমৰ্পিত হেল্পলাইন নম্বৰো মুকলি কৰিছে। Share this:FacebookX Related Post navigation মহাকাশ গৱেষণাৰ নতুন সাৰথি ‘এথেনা’: নাছাই মুকলি কৰিলে শক্তিশালী ছুপাৰ কম্পিউটাৰ আকাশত দুৰ্যোগ: কলম্বিয়াত বিমান খহি পৰি ১৫ জন নিহত