নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদান্ত—দ্য মেডিচিটীয়ে ক্লিনিকেল ৰিচাৰ্ছ আৰু বিস্তৃত ৰোগৰ উন্নত চিকিৎসা বিকল্পৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। মেদান্ত-দ্য মেডিচিটীৰ ইণ্টাাৰভেনচনেল কাৰ্ডিঅ’লজী, কাৰ্ডিয়াক কেয়াৰৰ অধ্যক্ষ ডাঃ প্ৰবীন চন্দ্ৰ আৰু মেদান্ত-দ্য মেডিচিটীৰ নেফ্ৰলজRৰ জ্যেষ্ঠ সঞ্চালক ডাঃ দেৱব্ৰত মুখাৰ্জীয়ে ইটানগৰত অনুষ্ঠিত কেইবাখনো আলোচনাত কৰনাৰী আৰ্টাৰী ডিজিজ (চিএডি) আৰু ভালভুলাৰ হাৰ্ট ডিজিজৰ লগতে কাৰ্ডিঅ’-ৰেনাল-হেপেটিক-ডায়েবেটিক মেটাবলিক চিণ্ড্ৰমৰ দৰে জটিল বিপাকীয় বিকাৰকে ধৰি উন্নত হৃদযন্ত্ৰৰ অৱস্থাৰ আগতীয়াকৈ চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। হৃদযন্ত্ৰৰ ধমনীত প্লেক জমা হোৱাৰ ফলত হোৱা চিএডি উচ্চ কলেষ্টেৰল, ধূমপান, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা, মানসিক চাপ, দুৰ্বল খাদ্য, নিষ্ক্ৰিয়তাৰ দৰে কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। ভালভুলাৰ হাৰ্ট ডিজিজ(ভিএইচডি)-এ হৃদযন্ত্ৰৰ ভালভৰ ক্ষতি কৰে, ৰক্ত প্ৰৱাহ ব্যাহত কৰে আৰু উশাহ বন্ধ হোৱা, বুকুৰ অস্বস্তি আৰু ভাগৰ অনুভৱ কৰায়; যদি চিকিৎসা নকৰে তেন্তে হৃদযন্ত্ৰৰ বিকলতা বা ষ্ট্ৰোকৰ সৃষ্টি কৰিব পাৰে। কাৰ্ডিঅ’-ৰেনাল-হেপেটিক-ডায়েবেটিক মেটাবলিক চিণ্ড্ৰম (চিআৰএইচডি-এমএছ)ৰ ফলত হৃদৰোগৰ লগতে বৃক্ক আৰু যকৃতৰ অক্ষমতা বৃদ্ধি পায়। গুৰুগ্ৰামস্থিত মেদান্ত দ্য মেডিচিটীৰ ইনণ্টাৰভেনচনেল কাৰ্ডিঅ’লজী, কাৰ্ডিয়াক কেয়াৰৰ অধ্যক্ষ ডাঃ প্ৰবীন চন্দ্ৰই কয় যে,” চিকিৎসা বিশেষজ্ঞ, প্ৰযুক্তি আৰু সামূহিক স্বাস্থ্য পদক্ষেপসমূহক এক একত্ৰিত ৰণনীতিলৈ একত্ৰিত কৰি আমি হৃদযন্ত্ৰৰ যত্নক প্ৰতিক্ৰিয়াশীল হোৱাৰ পৰা সক্ৰিয় অৱস্থালৈ ৰূপান্তৰিত কৰিব পাৰোঁ-যিয়ে পৰিহাৰযোগ্য জটিলতা প্ৰতিৰোধ আৰু অগণন জীৱন ৰক্ষা কৰিব পাৰে।” গুৰুগ্ৰামৰ মেদান্ত দ্য মেডিচিটীৰ নেফ্ৰলজী, ৰেনাল কেয়াৰৰ জ্যেষ্ঠ সঞ্চালক ডাঃ দেৱব্ৰত মুখাৰ্জীয়ে এই বিষয়ে ব্যাখ্যা কৰি কয় যে,”ক্ৰনিক কিডনী সমস্যা (চিকেডি), হৃদৰোগ আৰু বিপাকীয় বিকাৰগ্ৰস্ততাৰ মাজৰ জটিল অৱস্থাৰ ক্ষেত্ৰত ৰোগীৰ যত্ন লোৱাৰ পদ্ধতিত এক ৰূপান্তৰৰ প্ৰয়োজন।” Share this:FacebookX Related Post navigation গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে সুস্থতাৰ সুবিধাসহ এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে অল-ইন-ৱান এপ