ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ উদ্বেগজনক বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ শীৰ্ষস্থানীয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মেডাণ্ট- দ্য মেডিচিটীয়ে গুৱাহাটীত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় হৃদৰোগ অভিযান ‘মিছন চেভ হাৰ্ট’। মেডাণ্টৰ ক্লিনিকেল এণ্ড প্ৰিভেণ্টিভ কাৰ্ডিঅ’লজি বিভাগৰ অধ্যক্ষ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ আৰ আৰ কাছলিৱালৰ নেতৃত্বত আয়োজিত এই পদক্ষেপৰ লক্ষ্য হৈছে উচ্চ ৰক্তচাপ, শ্লিপ এপ্নিয়া আৰু হৃদযন্ত্ৰৰ ৰোগৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
চহৰখনত অনুষ্ঠিত এক অবিৰত চিকিৎসা শিক্ষা (চিএমই) অনুষ্ঠানত ডাঃ আৰ আৰ কাছলিৱালে আলোকপাত কৰে যে ভাৰতৰ সকলো ৰোগৰ প্ৰায় এক-চতুৰ্থাংশৰ বাবে বৰ্তমান কাৰ্ডিঅ’ভাস্কুলাৰ স্থিতি পোৱা গৈছে, বিশেষকৈ “৪ এইচএছ”-ৰ দ্বাৰা চালিত-হাৰ্ট এটেক, হাইপাৰটেনচন, হাৰ্ট ফেইলাৰ(বিকলতা) আৰু হাৰ্ট মাচ’ল(হৃদ পেশী)ৰ ৰোগ। ভাৰতত ৪০-৬৯ বছৰ বয়সৰ প্ৰাপ্তবয়স্কসকলৰ মাজত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কাছলিৱালে আগতীয়াকৈ ৰোগ নিৰ্ণয়, সামূহিক শিক্ষা আৰু মানদণ্ডৰ যত্নৰ উপলব্ধতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
গুৱাহাটী মহানগৰীতো বিশেষকৈ কম বয়সীয়া কৰ্মৰত লোকসকলৰ মাজত উন্নত হৃদযন্ত্ৰৰ চিকিৎসাৰ বৰ্ধিত চাহিদা প্ৰত্যক্ষ কৰা হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে মিছন চেভ হাৰ্টৰ দৰে সক্ৰিয় প্ৰচাৰ অভিযান উত্তৰ-পূবত জীৱনশৈলী উন্নত কৰা আৰু যত্নৰ ব্যৱধান পূৰণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ।
মেডাণ্টই নিজৰ চিকিৎসালয়সমূহৰ বিশাল নেটৱৰ্ক আৰু ১,৮৫০ৰো অধিক চিকিৎসকৰ সৈতে সমগ্ৰ দেশতে স্থানীয় সম্প্ৰদায়ক প্ৰতিৰোধমূলক হৃদযন্ত্ৰৰ যত্নৰ সৈতে জড়িত কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *