হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী মহানগৰীৰ স্বেচ্ছাসেৱী সংস্হা কেয়াৰ ইউ ৩৬৫ নামৰ সংগঠনটোৱে গুৱাহাটীত মেডিকেল কলেজ হাস্পতালৰ চৌহদৰ আৰ্তজনক ভোকৰ ভাত এসাজ যোগান ধৰাৰ বাবে মায়াবিনী নামৰ এখন ফুড ভেন মুকলি কৰে। এই ফুড ভেনখন মুকলি কৰে অভিনেতা যতীন বৰা, জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অধীক্ষক দেৱজিৎ চৌধুৰীয়ে। মায়াবিনী নামৰ ফুড ভেনখনৰ জৰিয়তে কেয়াৰ ইউ ৩৬৫ জৰিয়তে জি এম চি এইচৰ চৌহদত প্ৰতিদিনে ৫০০ লোকক বিনামূলীয়াকৈ দুপৰীয়া আহাৰ যোগান ধৰিব। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী