ঔদ্যোগিক নিৰাপত্তাৰ ফোপোলা স্বৰূপটো উদঙাই শনিবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত এক ভয়ংকৰ বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে অতি কমেও ১৫ জন শ্ৰমিকৰ। কাটোল তহচিলৰ ৰাউলগাঁৱত থকা ‘এছ বি এল এনাৰ্জী লিমিটেড’ নামৰ বিস্ফোৰক প্ৰস্তুতকাৰী কাৰখানাটোত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। খনিৰ বাবে বিস্ফোৰক তৈয়াৰ কৰা এই প্ৰতিষ্ঠানটোৰ ডেটনেটৰ পেকিং ইউনিটত সংঘটিত হোৱা এই বিস্ফোৰণত মুহূৰ্ততে ১৫ জনকৈ শ্ৰমিক ধ্বংসস্তূপত পৰিণত হয়।

কোম্পানীটোৰ প্ৰতিনিধিয়ে জনোৱা মতে, পুৱা প্ৰায় ৭ বজাৰ পৰা ৭.১৫ বজাৰ ভিতৰত কাম চলি থকাৰ সময়তে এই আকস্মিক বিস্ফোৰণ ঘটে। ঘটনাত গুৰুতৰভাৱে আহত হোৱা কেইবাজনো শ্ৰমিকক লগে লগে নাগপুৰৰ হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। বৰ্তমানো ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, কি কাৰিকৰী ত্ৰুটিৰ বাবে এই বিস্ফোৰণ ঘটিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বৰ্তমান সমগ্ৰ কাৰখানাটো আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ঘেৰি ৰাখিছে। ইফালে, কাৰখানা কৰ্তৃপক্ষই উদ্ধাৰ অভিযানৰ পাছতহে এটা আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে। এই মৰ্মান্তিক দুৰ্ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *