ৰিঙৰ ভিতৰত প্ৰতিপক্ষক ধৰাশায়ী কৰা মেৰী কমে এইবাৰ দুৰ্দিনত পৰা নিজৰ ৰাজ্যৰ মানুহৰ চকুপানী মচিবলৈ আগবাঢ়ি আহিছে। ১৭ ডিচেম্বৰত কিংবদন্তি ভাৰতীয় বক্সাৰ আৰু অলিম্পিক বিজয়ী এম চি মেৰী কমে মণিপুৰৰ বৰ্তমানৰ সংঘৰ্ষত আশ্ৰয়হীন হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়ায়। ইম্ফল পশ্চিমৰ লম্বোইখোংনাংখোং নামৰ স্থানত চলি থকা প্ৰতিবাদ স্থলীত উপস্থিত হৈ তেওঁ শ শ কম্বল বিতৰণ কৰে। ১ ডিচেম্বৰৰ পৰা তাত ক’ক’মি আৰু আশ্ৰয়হীন লোকসকলে ৩১ ডিচেম্বৰৰ ভিতৰত পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰি আছে।

ভ্ৰমণকালত মেৰী কমে এই লোকসকলৰ সৈতে মত-বিনিময় কৰি শান্তি আৰু একতাৰ আহ্বান জনায়। তেওঁ কয় যে এই সৰু সহায়ৰ জৰিয়তে তেওঁ বিপদে আৱৰা পৰিয়ালবোৰক অলপ হ’লেও আশাৰ ৰেঙণি দিব বিচাৰিছে। বিশেষকৈ শিশুসকলৰ বাবে তেওঁ এক ডাঙৰ ঘোষণা কৰি কয় যে আশ্ৰয়হীন পৰিয়ালৰ যিবোৰ শিশুৱে বক্সিং শিকিব বিচাৰে, তেওঁলোকক মেৰী কম বক্সিং একাডেমীত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ’ব।

তেওঁৰ মতে, খেলা-ধূলাই মনৰ আঘাত উপশম কৰাত আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। ক’ক’মিৰ মহিলা গোটৰ আহ্বায়ক আৰ কে থাৰাক্সাই মেৰী কমৰ এই পদক্ষেপক আদৰণি জনাই কয় যে ই আশ্ৰয়হীন লোকসকলক মানসিক শক্তি প্ৰদান কৰিছে। চৰকাৰ আৰু সমাজক এই লোকসকলৰ মৰ্যাদাপূৰ্ণ পুনৰ সংস্থাপন সুনিশ্চিত কৰিবলৈ মেৰী কমে অনুৰোধ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *