নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ অধীনত অসমত এতিয়ালৈকে চাৰিজন হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। এই চাৰিজনৰ ভিতৰত আছে এগৰাকী মহিলাও। ইয়াৰ বিপৰীতে ৰাজ্যখনত প্ৰায় ৪০ জন লোকে নাগৰিকত্ব বিচাৰি ইতিমধ্যে আবেদন দাখিল কৰিছে। শেহতীয়াকৈ যোৱা ১২ ডিচেম্বৰত এই আইনৰ অধীনত বাংলাদেশৰ পৰা অহা এগৰাকী মহিলাই অসমত প্ৰথমবাৰৰ বাবে নাগৰিকত্ব লাভ কৰে। ২০০৭ চনত চিকিৎসাৰ বাবে শিলচৰলৈ অহা এই মহিলাগৰাকীয়ে বৰ্তমানৰ শ্ৰীভূমিৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেতিয়াৰ পৰাই অসমত বাস কৰি আছে। তেওঁ বিবাহসূত্ৰে এই নাগৰিকত্ব লাভ কৰে। একেদিনাই শিলচৰৰ আন এজন অনুপ্ৰৱেশকাৰীয়েও নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ‘কা’ত উল্লেখ আছে যে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু লোকে ভাৰতলৈ পলাই আহিলে নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত তেওঁলোক নাগৰিকত্ব পাবলৈ উপযুক্ত বিবেচিত হ’ব। ইয়াৰ বাবে সংশ্লিষ্ট লোকসকলে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰাটো বাধ্যতামূলক। এই আইনখনত বিবাহসূত্ৰেও নাগৰিকত্ব লাভৰ ব্যৱস্থা আছে। ইয়াৰ বাবে মহিলাগৰাকীয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰাৰ লগতে বিবাহপাশত আবদ্ধ হৈ ন্যূনতম সাত বছৰ বাস কৰিব লাগিব। Share this:FacebookX Related Post navigation ১০গৰাকীৰ মৃ*ত্যু!এক ভয়ংকৰ ঘটনা।আচৰিত সকলো…. শীতকালীন ছালৰ যত্নঃ গুৱাহাটীত বতৰৰ শুকানতা প্ৰতিহত কৰিবলৈ বিশেষজ্ঞসকলে আলমণ্ডৰ পৰামৰ্শ দিয়ে