প্ৰায় দুবছৰৰ পাছত যিসকল লোকে নিজৰ ঘৰলৈ উভতি আহিছিল, তেওঁলোকে পুনৰ এন্ধাৰতে প্ৰাণটো হাতৰ মুঠিত লৈ পলাব লগা হ’ল। মণিপুৰৰ বিষ্ণুপুৰ জিলাত মঙলবাৰে নিশা হোৱা গুলীবৰ্ষণৰ পাছত বুধবাৰে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। অচিনাক্ত দুষ্কৃতিকাৰীয়ে চলোৱা এই গুলীবৰ্ষণে অশান্ত ৰাজ্যখনত পুনৰ উত্তেজনা বৃদ্ধি কৰিছে।

বিষয়াসকলে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ৯ বজাত চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী টৰবুং আৰু ফৌগাকচাও ইখাই অঞ্চলত কেইবালানিও গুলীচালনাৰ শব্দ শুনা যায়। যদিও এই ঘটনাত কোনো লোক আহত হোৱা নাই, তথাপিও জিলাখনত পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, “বৰ্তমান গুলীচালনা বন্ধ হৈছে যদিও সাৱধানতা অৱলম্বন কৰি বিষ্ণুপুৰৰ প্ৰান্তীয় অঞ্চলত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে।”

মন কৰিবলগীয়া যে, টৰবুং আৰু ফৌগাকচাও ইখাই আছিল সেইবোৰ অঞ্চল য’ত ২০২৩ চনৰ ৩ মে’ত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত প্ৰথমবাৰৰ বাবে গোষ্ঠীগত হিংসা আৰম্ভ হৈছিল। শেহতীয়াকৈ যিবোৰ আশ্ৰয়হীন পৰিয়ালে, বিশেষকৈ মহিলা আৰু শিশুৱে নিজৰ ঘৰলৈ উভতি আহিছিল, তেওঁলোকে এই গুলীবৰ্ষণৰ পাছত পুনৰ আতংকিত হৈ নিৰাপদ স্থানলৈ পলায়ন কৰিছে।

আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙে চুৰাচান্দপুৰ জিলা ভ্ৰমণ কৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ কেইঘণ্টামান পিছতেই এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে জিলাখনৰ নিৰাপত্তা প্রস্তুতিৰ মূল্যায়নৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছিল। বৰ্তমান ঘটনাটোৰ তদন্ত চলি আছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *