অস্থিৰ হৈ পৰিছে মণিপুৰ ।মঙলবাৰে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । মেইটেই গোটৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয় সমিতিৰ ছাত্ৰ শাখাই উপত্যকাটোৰ জিলাসমূহৰ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তলাবন্ধ কৰি আন্দোলন তীব্ৰতৰ কৰি তোলে । গোটটোৱে ইম্ফলত দুটা কেন্দ্ৰীয় কাৰ্যালয়ত তলা লগাইছিল ।২০ মে’ত উখৰুল জিলাৰ চৰকাৰী শিৰুই শেৱালি মহোৎসৱৰ বাতৰি পৰিৱেশন কৰিবলৈ সাংবাদিকক লৈ এখন চৰকাৰী বাছ আহিছিল । পূব ইম্ফল জিলাৰ গ্ৱালতাবি চেকপোষ্টৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাছখন ৰখাই তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰীক বাছখনৰ সন্মুখৰ গ্লাছত লিখা ৰাজ্যখনৰ নামটো বগা কাগজেৰে ঢাকিবলৈ বাধ্য কৰে । যোৱা সপ্তাহত এই ঘটনাক লৈ মেইটেই প্ৰধান ইম্ফল উপত্যকাত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল ।ৰাজ্যপালৰ বিৰুদ্ধে “ক্ষমা খোজক, নহ’লে মণিপুৰ এৰি যাওক” আদি শ্ল’গান দিয়ে প্ৰতিবাদকাৰীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *