পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি আৰু দলীয় গোপনীয়তা ৰক্ষাৰ যুঁজখন এতিয়া ৰূপান্তৰিত হৈছে এক গুৰুতৰ আইনী সংঘাতলৈ। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ বিৰুদ্ধে নিৰ্বাচন সংক্ৰান্তীয় তথ্য আৰু নথিপত্ৰ চুৰিৰ অভিযোগ উত্থাপন কৰি এইবাৰ আৰক্ষীৰ কাষ চাপিছে খোদ মুখ্যমন্ত্রী মমতা বেনাৰ্জী। তেওঁ বিধাননগৰৰ ইলেক্ট্ৰনিক কমপ্লেক্স থানাত এই সন্দৰ্ভত এক লিখিত অভিযোগ দাখিল কৰিছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা হঠাতে আই-পেকৰ মুৰব্বী প্ৰতীক জৈনৰ লাউডন ষ্ট্ৰীটৰ বাসগৃহত ইডিৰ বিষয়াসকলে অভিযান চলায়। এই খবৰ লাভ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজেই ঘটনাস্থলীত উপস্থিত হয়। প্ৰায় পোন্ধৰ মিনিট প্ৰতীক জৈনৰ ঘৰত থকাৰ পাছত এটা সেউজীয়া ৰঙৰ ফাইল লৈ তেওঁ বাহিৰলৈ ওলাই আহে। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল চুৰি কৰিবলৈহে এই অভিযান চলোৱা হৈছে। ইয়াৰ পাছতে তেওঁ ছল্টলেকৰ আই-পেক দপ্তৰলৈ গৈ কিছু নথি-পত্ৰ, ম’বাইল আৰু লেপটপ নিজৰ গাড়ীত উঠাই লৈ যায়।

২০২৬ চনৰ নিৰ্বাচনৰ বাবে তৃণমূলৰ যি পৰিকল্পনা আছে, সেয়া হস্তগত কৰিবলৈ কেন্দ্ৰই ইডিক ব্যৱহাৰ কৰা বুলি বাৰে বাৰে দাবী কৰিছে মমতা বেনাৰ্জীয়ে। ইফালে, ইডিয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীয়ে অনৈতিকভাৱে তেওঁলোকৰ চৰকাৰী কামত বাধা প্ৰদান কৰিছে। এই সমগ্ৰ বিষয়ক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ এতিয়া অত্যন্ত উত্তপ্ত হৈ পৰিছে আৰু গোচৰটোৱে ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছে।

অন্যহাতে, আই-পেকৰ কাৰ্যালয়ত হোৱা এই নজিৰবিহীন পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এতিয়া এক বিতং ৰিপৰ্ট বিচাৰিছে। ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কোনগৰাকী বিষয়াৰ সৈতে কি কথা পাতিছিল, সেই সকলো তথ্য জানিব বিচাৰিছে কেন্দ্ৰই। ইতিমধ্যে ইডিয়ে বিত্ত মন্ত্ৰালয়ক এক প্ৰতিবেদন দাখিল কৰিছে, যিখন পৰৱৰ্তী সময়ত গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *