ধৰ্মীয় পৰ্যটন আৰু আধ্যাত্মিকতাৰ এক নতুন মাত্ৰা প্ৰদান কৰি শিলিগুৰিৰ মাটিগাড়াত ভগৱান শিৱৰ মহাকাল অৱতাৰৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। শুকুৰবাৰে বিভিন্ন ধৰ্মীয় নেতাৰ উপস্থিতিত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২১৬ ফুট উচ্চতাৰ এই ভব্য গাঁথনিটোত ভগৱান শিৱৰ ১০৮ ফুট উচ্চতাৰ এটা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ভুক্ত কৰা হ’ব। ‘মহাকাল মহাতীৰ্থ’ নামেৰে নামাকৰণ কৰা এই মন্দিৰ কমপ্লেক্সটো ১৭.৪১ একৰ মাটিত নিৰ্মাণ কৰা হ’ব আৰু অহা দুই-আঢ়ৈ বছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ’ব।

দীঘাৰ জগন্নাথ ধাম আৰু নিউ টাউনৰ দুৰ্গা আংগনৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া এই কমপ্লেক্সটোৱে উত্তৰ বংগৰ ধৰ্মীয় পৰ্যটনক বিশ্ব দৰবাৰত এক সুকীয়া চিনাকি দিব বুলি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে আশা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে এই মন্দিৰত দৈনিক প্ৰায় এক লাখ তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা থাকিব। দাৰ্জিলিংস্থিত ঐতিহাসিক মহাকাল মন্দিৰৰ আধ্যাত্মিক উত্তৰাধিকাৰক ভৈয়ামৰ সৈতে সংযোগ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে চৰকাৰে ইতিমধ্যে ভূমি আৱণ্টন দি নিবিদা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।

শিলিগুৰিক কেৱল এটা পৰিবহণ কেন্দ্ৰ হিচাপেই নহয়, বৰঞ্চ ব্যৱসায় আৰু নিযুক্তিৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চহৰখনত এটা ‘আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ’ স্থাপনৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও এই অনুষ্ঠানৰ জৰিয়তে চাহ বাগানৰ শ্ৰমিকৰ সন্তানৰ বাবে ক্ৰেচ, বিলাসী বাছ সেৱা আৰু স্কুল ভৱনৰ দৰে কেইবাটাও সামাজিক সেৱা প্ৰকল্পৰ উদ্বোধন কৰা হয়। বংগক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মমতাই মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *