গুৱাহাটী মহানগৰীৰ মালিগাঁও ১ নং গেটৰ হিলচাইদ কলনীত ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ লগতে এখন হিন্দু সন্মিলন অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে সঞ্জয় দাস গুপ্তই। সভাত মালিগাওঁস্থিত নেতাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন তালুকদাৰ , উত্তৰ অসম প্ৰান্তৰ মহিলা সমন্বয় সংযোজিকা অনুপমা দেৱী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সহ: বৌদ্ধিক প্ৰমুখ উমেশ ত্ৰিপাঠী শুক্লা ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিলচাইদ কলোনীৰ বস্তি প্ৰমুখ ডঃ ৰমেন দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকি হিন্দু সনাতনী সংস্কৃতিৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে । সভাত কেবাজনো শিল্পীয়ে দেশপ্ৰেমমূলক নৃত্য , গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। শেষত বন্দে মাতৰম গীতটিৰে সভাপতিয়ে সভা ভঙ্গ ঘোষণা কৰে। Share this:FacebookX Related Post navigation ১৭ মাহ কাৰাবন্দী আৰু ১৭ বছৰ নিৰ্বাসনত থকা তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন